৭৫ বছৰীয়া আপোন মহাবিদ্যালয়খনত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল...

ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ

author-image
Asomiya Pratidin
New Update
৭৫ বছৰীয়া আপোন মহাবিদ্যালয়খনত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল...

sarbananda sonowal

ডিজিটেল ডেস্ক : ৭৫ বছৰত ভৰি দিলে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ে। অতি উলাহ-মালহেৰে উৎযাপন কৰা হৈছে কানৈ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান।

Advertisment

মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান উপলক্ষে উপস্থিত হয় মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় অনুষ্ঠানতো অংশ লয়। মহাবিদ্যালয়ত উপস্থিত হোৱা লগে লগে গায়ন-বায়নেৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনায় ছাত্ৰ-ছাত্ৰী সকলে।

assam dibrugarh dhsk college sarbananda sonowal