নৰেন্দ্ৰ মোডীৰ প্ৰতি উত্তৰ পূবৰ জনতাৰ আছে অগাধ বিশ্বাস, শ্ৰদ্ধাঃ সোণোৱাল...

নৰেন্দ্ৰ মোডীৰ প্ৰতি উত্তৰ পূবৰ জনতাৰ আছে অগাধ বিশ্বাস, শ্ৰদ্ধাঃ সোণোৱাল...
নৰেন্দ্ৰ মোডীৰ প্ৰতি উত্তৰ পূবৰ জনতাৰ আছে অগাধ বিশ্বাস, শ্ৰদ্ধাঃ সোণোৱাল...

ডিজিটেল ডেস্কঃ অব্যাহত আছে ৩ ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা। তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে, তিনিওখন ৰাজ্যতে হ'ব বিজেপিৰ চৰকাৰ।

ভোটগণনাৰ দৃশ্যপটলৈ লক্ষ্য কৰিলে নাগালেণ্ডত এই মুহূৰ্তত বিজেপিৰ বিজয় নিশ্চিত হৈ থাকিলেও ত্ৰিপুৰা আৰু মেঘালয়ত এতিয়াই স্পষ্টকৈ এই বিষয়ত মন্তব্য কৰিব পৰা অৱস্থাত নাই যদিও সৰ্বানন্দ সোণোৱালৰ এই দাবীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।

সোণোৱালে তিনি ৰাজ্যৰ নিৰ্বাচনী ভোটগণনাৰ সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে বিজেপিৰেই চৰকাৰ হ'ব। তেওঁ উল্লেখ কৰা অনুসৰি বিজেপিৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে।

ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত ৯ বছৰত যিমান ভাল কাম কৰিছে, সেয়া উত্তৰ পূৰ্বাঞ্চলৰ মানুহে পাহৰিব নোৱাৰে। নৰেন্দ্ৰ মোডীৰ প্ৰতি মানুহৰ অগাধ বিশ্বাস আৰু শ্ৰদ্ধা আছে।

আনহাতে ২০২৪ ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰিছে। তেওঁ লোকসভাৰ নিৰ্বাচনতো বিজেপিয়ে ভাল ফলাফল দেখুৱাব। কাৰণ ভাল কাম কৰিলে ভাল ফলাফল লাভ কৰেই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাল কৰি কৰি আছে। সেয়ে জনসাধাৰণে বিজেপিক শাসনত থকাটো বিচাৰিছে।

নৰেন্দ্ৰ মোডীৰ প্ৰতি উত্তৰ পূবৰ জনতাৰ আছে অগাধ বিশ্বাস, শ্ৰদ্ধাঃ সোণোৱাল...
Live Update: উত্তৰ পূবৰ ৩ ৰাজ্য কাৰ দখললৈ? ভোট গণনাৰ A to Z খবৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in