/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/p7uflx0z/AP-FOR-WEB-sarba-.jpg.png)
ডিজিটেল সংবাদ,বিহালীঃ "বিজেপিয়ে কেতিয়াও হত্যা-হিংসাক বিশ্বাস নকৰে। বিজেপি শান্তিৰ পক্ষত। কিন্তু কংগ্ৰেছ মানে কি ? এতিয়া নহয়, জন্মলগ্নৰে পৰাই কংগ্ৰেছ মানে কমিনেলিজিম, কংগ্ৰেছ মানে কাৰাপচন, কংগ্ৰেছ মানে কনফ্লিক্ট"- বিহালীত কংগ্ৰেছক উদ্দেশ্যি এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।
আজি বিহালীৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ ক্ষুৰধাৰ সমালোচনা কৰে।তেওঁ কয় যে, কংগ্ৰেছৰ দিনত এই অঞ্চলত হত্যা, হিংসা, ধনদাবী আদি চলি থকা বাবে অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছিল। বিজেপি আহিল, এতিয়া শান্তি আহিল। সমন্বয় হৈছে। সকলো জাতি জনগোষ্ঠী মিলি ইয়াত শক্তিশালীভাৱে সমাজ গঢ় দিছে। সেইবাবেই এইবাৰ বিজেপিত নিশ্চিত ভাৱেই ৰাইজে ভোট দিব।
উল্লেখ্যযোগ্য যে, বিহালীৰ বৰঝাৰনিত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে পবিত্ৰ মাৰ্ঘেৰিটা, কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পীযুষ হাজৰীকা, সাংসদ ৰঞ্জিত দত্ত, প্ৰদান বৰুৱাৰ লগতে কেইবাগৰাকী বিধায়ক।
Also Read: নয়দাত ভাষা গৌৰৱ সপ্তাহঃ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন এ.পি .ডব্লিউ.এ ৰ...