সমাজখন শিৰত ৰাখিব লাগে আৰু ক্ষমতাক ভৰিৰ তলত,অহংকাৰ কৰা উচিত নহয়ঃসোণোৱাল

''চৰকাৰী পদবীক লৈ কোনোৱে অহংকাৰ কৰা উচিত নহয়। সমাজখন শিৰত ৰাখিব লাগে আৰু ক্ষমতাক ভৰিৰ তলত ৰাখিব লাগে।

author-image
Asomiya Pratidin
New Update
সমাজখন শিৰত ৰাখিব লাগে আৰু ক্ষমতাক ভৰিৰ তলত,অহংকাৰ কৰা উচিত নহয়ঃসোণোৱাল

ডিজিটেল ডেস্ক: ''চৰকাৰী পদবীক লৈ কোনোৱে অহংকাৰ কৰা উচিত নহয়। সমাজখন শিৰত ৰাখিব লাগে আৰু ক্ষমতাক ভৰিৰ তলত । নাভাবিবা যে তুমি আজি প্ৰৱল প্ৰতাপী। তোমাতেই সমস্ত শক্তি বিৰাজমান। কিন্তু সমাজখনত অৱজ্ঞা নকৰিবা'' এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

Advertisment

মাজুলীত এক সভাত অংশ গ্ৰহণ কৰি সোণোৱালে এই মন্তব্য কৰে। কোনে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে বা কাক উদ্দেশ্য কৰি সোণোৱালে এই মন্তব্য কৰিছে সেয়া লক্ষণীয়া। ইয়াৰোপি সমন্বয়ৰ ওপৰত বিশেষ বাৰ্তা প্ৰেৰণ কৰে সোণোৱালে। তেওঁ সমাজক শ্ৰেষ্ঠ বুলি কয়। লগতে কয় যে ৰাজনীতিক এই পৰ্যায়লৈ নিনিব য'ত সমাজখন চিন্ন-ভিন্ন হৈ যায়। ৰাজনীতিক এই পৰ্যায়লৈ আনক য'ত সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী হয়। এটা কথা আছে ৰাজনীতিয়ে ভাগ কৰে, সংস্কৃতিয়ে জোৰা লগায়।

মাজুলীৰ সাংস্কৃতিক পৰম্পৰাই এই সমাজ সকলো সময়তে এক হৈ থকাৰ আহ্বান। যিমানেই দুৰ্যোগ, প্ৰত্যাহ্বান আহিলেও মাজুলী এক লগ হৈ থাকিব বুলি কয় সোণোৱালে । একতাত যি শক্তি আছে, ভাগ ভাগ হৈ থাকিলে সেই শক্তি নাথাকে বুলি কয় তেওঁ।

লগতে মুখ্যমন্ত্ৰী হৈ থাকোতে তেওঁ যে বৰাক, ব্ৰহ্মপুত্ৰক একলগ কৰি ৰাখিব বিচাৰিছিল সেয়া কথাও উল্লেখ্য কৰে। লগতে ইয়াৰ উদ্দেশ্য কেৱল একতা বুলিয়েই কয় সোণোৱালে।

উল্লেখ্য যে, ইয়াৰ এদিন পূৰ্বে আজান শুনি ৭ মিনিট ভাষণ বন্ধ কৰিছিল সোণোৱালে।এয়া যেন এক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

ইয়াৰ কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে, মুছলমান সকলে বিজেপিক ভোট নিদিলেও কথা নাই। কিন্তু আমি তেওঁলোকক স্নেহ দিব লাগিব আৰু মন জয় কৰিব।

২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে যেন এক বিশেষ বাৰ্তা দিছে। মোডীৰ মন্তব্যৰ পাছতেই তেওঁৰ ঘনিষ্ঠ সৰ্বানন্দ সোণোৱালে অসমলৈ আহি দিয়া সমন্বয়ৰ বাৰ্তাই এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে।

আৰু পঢ়ক: 'তোমাৰ বাবে মৰিবও পাৰিম'-লগে লগে ফাৰুক আলমে নৃশংসভাৱে হত্যা কৰিলে পত্নীক

bjp sarbananda sonowal