দুধনৈত আয়ুৰ্বেদিক কলেজৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

দুধনৈৰ উদয়পুৰস্থিত ৫০খন বিচনা যুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ত সংলগ্ন কৰি নিৰ্মাণ কৰা হ'ব ৭০ কোটি টকা ব্যয় সাপেক্ষ আযুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় ৷

author-image
Asomiya Pratidin
New Update
দুধনৈত আয়ুৰ্বেদিক কলেজৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ডিজিটেল সংবাদ, দুধনৈঃ দুধনৈৰ উদয়পুৰস্থিত ৫০খন বিচনা যুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ত সংলগ্ন কৰি নিৰ্মাণ কৰা হ'ব ৭০ কোটি টকা ব্যয় সাপেক্ষ আযুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰীৰ লগত সংগ দিয়ে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ৷

Advertisment

ইয়াৰ উপৰিও বাক্সা জিলা আৰু কোকৰাঝাৰ জিলাত দুধনৈৰ পৰা ভাৰ্চুৱেলি ৫০ খন বিচনাযুক্ত আযুৰ্বেদিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আধাৰশিলা স্থাপন অনুষ্ঠানত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ,অসম ৰাজ্যিক বিজেপিৰ সম্পাদিকা টিনামনি দৈমাৰী ,গোৱালপাৰা জিলা বিজেপিৰ সভাপতি ভৃগুৰঞ্জন ৰাভা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি ।

Also Read: অসম খেল মহাৰণৰ কাবাডী প্ৰতিযোগিতা

Dudhnoi keshab mahanta sarbananda sonowal