অসম খেল মহাৰণৰ কাবাডী প্ৰতিযোগিতা

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কে জে হিলালী, কামৰূপ মহানগৰৰ অতিৰিক্ত জিলা আয়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰিকা, অসম কাবাদী সন্থাৰ সাধাৰণ সম্পাদক অলোক ত্ৰিপাঠী ।

author-image
Asomiya Pratidin
New Update
অসম খেল মহাৰণৰ কাবাডী প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু কামৰূপ মহানগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনদোৰ ষ্টেডিয়ামত অসম খেল মহাৰণৰ ৰাজ্যিক পৰ্যায়ৰ কাবাডী প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰা হয়।

Advertisment

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কে জে হিলালী, কামৰূপ মহানগৰৰ অতিৰিক্ত জিলা আয়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰিকা, অসম কাবাদী সন্থাৰ সাধাৰণ সম্পাদক অলোক ত্ৰিপাঠী । ১৯ বছৰ অনুৰ্দ্ধ আৰু উৰ্দ্ধৰ ল'ৰা আৰু ছোৱালীৰ মুঠ চাৰিটা শাখাত অনুষ্ঠিত হ'ব কাবাডী প্ৰতিযোগিতা । ৭ মাৰ্চলৈ চলিব লগা এই প্ৰতিযোগিতাত অংশ লয় প্ৰায় দুহেজাৰ খেলুৱৈয়ে ।

Also Read: মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ ওদালগুৰি ভ্ৰমণ

assam ASSAM KHEL MAHARAN