ধেমাজি বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ

ধেমাজি বাণিজ্য মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৫ খন মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ অনুষ্ঠানত দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে ৷
ধেমাজি বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ

ডিজিটেল সংবাদ,ধেমাজি: ধেমাজি বাণিজ্য মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৫ খন মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ অনুষ্ঠানত দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে ৷

ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত ধেমাজি বাণিজ্য মহাবিদ্যালয়,ধেমাজি মহাবিদ্যালয়,মৰিঢল মহাবিদ্যালয়,ধেমাজি বালিকা মহাবিদ্যালয় আৰু বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ছাত্ৰ-ছাত্ৰীক শৈক্ষিক ক্ষেত্ৰখনৰ সমান্তৰালকৈ ক্ৰীড়া আৰু যোগ সাধনা মনোনিবেশ কৰিবলৈ আহ্বান জনায়|

অনুষ্ঠানৰ আৰম্ভনিতে ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেন কুমাৰ কোঁৱৰে আদৰনি ভাষন দিয়ে। লগতে কেন্দীয় গৰাকীক সম্বধৰ্না জনায় ৷ অন্তৰংগ আলাপত ধেমাজি জিলা উপায়ুক্ত পল্লবী ফুকনৰ লগতে মহাবিদ্যালয় কেইখনৰ অধ্যক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে৷

আৰু পঢ়ক: পলাশৰে ৰং কোনেনো সানিলে...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in