
বাটেদি গৈ থাকোতে দেখা পোৱা এজোপা ৰঙা ফুলৰ গছ। চিনাকী সেই ফুলবোৰেৰে ঢাকি পেলাইছে গছজোপাক। ফাগুনৰ সৈতে কিহৰ চুপতি পলাশৰ। কি সম্পৰ্ক।অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-
এতিয়া ফাগুনৰ বতৰ। ফাগুন মানেই ৰঙৰ সমাহাৰ। বসন্তক আদৰিবলৈ ফাগুনেই কাটে বাট। সেই ৰঙা দলিচা পাৰ হৈ বসন্তই ধৰণীক সেউজীয়া কৰি তোলে। ধূলি উৰুৱাই বৈছে ফাগুনী মলয়া।নীলা আকাশৰ তলত পলাশে চটিয়াইছে ৰঙা।
শিমলু, মদাৰ, অশোক আদি ৰঙা ফুলবোৰে উৰুঙা লগা মনবোৰ ৰঙীন কৰিব নোৱাৰিলেও প্ৰকৃতিক দিয়ে এক অনন্য ৰূপ। জুৰ মলয়া জাকে শূণ্যতাত কোবাই যায় নীৰৱে। এয়াতো ৰঙৰ সম্ভাৰ। এই ৰং ফাগুনৰ। এই ৰঙৰ নাম ৰঙা।
ফুল নহয় যেন জ্বলি উঠে একো একোটা অগ্নিশিখা। পলাশৰ ৰঙতেই আছে উদাস উশাহৰ বঞ্জনা। আকৌ নতুনকৈ আৰম্ভ হ'ব লগা সৃষ্টিৰ সম্ভাৱণা। ফাগুনত ফুলা সেই ফুলবোৰেই কবিক হাত বাউল দি মাতে, ভাবুক কৰি তোলে।
এই ফাগুনৰ সৈতে কবিৰ ক'ত যে চুপতি। বাটেদি গৈ থাকোতে পথৰ কাষত থকা পলাশৰ ৰঙাই থমকাই বাটৰুৱাৰ খোজ। কোনেনো আওকান কৰিব পাৰে পলাশৰ এই হাত বাউলী।
এনেই গোৱা নাই পলাশক লৈ সেই গীত- ''পলাশৰে ৰং কোনেনো সানিলে, এই মিঠা সেউজ বননীত। জীৱনৰে ৰং পলাশে সানিলে কোমল কোমল ঘাঁহনিত''। আমাৰ চকপৰ আগত প্ৰকৃতিয়ে ৰূপ সলায়। যি সেই ৰূপ পান কৰিব পাৰে তেওঁৱেই প্ৰকৃতিৰ তলত জিৰায়।
শীতকালত পলাশৰ সৰি পৰা পাতবোৰ বসন্তৰ আগমনৰ আগে আগে ওলাই আৰু ফুল ফুলে। এয়া যেন ফাগুনৰ প্ৰতীক। যদিও হালধীয়া আৰু ৰঙা কোমল পলাশ আছে জুই ৰঙী পলাশেই বহুতৰ প্ৰিয়।
ফাগুনৰ বতৰত সেই পলাশৰে কথা আজি । কেমেৰাত বন্দী কৰি অনা পলাশৰ ছবি। পলাশ যেন ৰং নহয়, ফাগুনৰ যৌৱন। ৰিক্ত ৰঙা পলাশ, শিমলু, মদাৰ, অশোক ফুলৰ সৈতে ধূলিময়ী বাটত ওমলিছিল গাঁৱৰ কৈশোৰ কাল।
চহৰৰ মানুহৰ বাবে এইবোৰ অতীত। পলাশ ফুলিছে নাই কাৰ কি আহে যায়। গাঁৱত সেয়া নহয়। ৰঙা ৰঙী ফাগুনৰ ধূলিময়ী বতাহ উৰিলেই মানুহবোৰে গম পাই আহি আছে বসন্ত।