পৰ্যটনস্থলীলৈ পৰিণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জন্মগাঁও বিন্ধাকটা

পৰ্যটনস্থলীলৈ পৰিণত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জন্মগাঁও বিন্ধাকটা। ৰাইজৰ বাবে মুকলি হ'ল ডিব্ৰু ব্ৰক্ষ্মপুত্ৰ ইক টুৰিজিম নামেৰে এখন নাও।
পৰ্যটনস্থলীলৈ পৰিণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জন্মগাঁও বিন্ধাকটা

ডিজিটেল সংবাদ, চাবুৱা: পৰ্যটনস্থলীলৈ পৰিণত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জন্মগাঁও বিন্ধাকটা। ৰাইজৰ বাবে মুকলি হ'ল ডিব্ৰু ব্ৰহ্মপুত্ৰ ইক টুৰিজিম নামেৰে এখন নাও।

ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা দৃশ্য পৰ্যটকে এই নাওতেই উঠি উপভোগ কৰিব পাৰিব । নাওতেই থলুৱা খাদ্যৰ সোৱাদ লোৱাৰো সুবিধা আছে।

থকা খুৱাৰ সকলো সুবিধা পৰ্যটকৰ বাবে কৰিছে অঞ্চলটোৰ ৰাইজে । বছৰৰ প্ৰথম দিনটোত গাঁওখনৰ নৈ পাৰত নাৱেৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ৰাইজৰ লগত এসাজ খাই আপ্লুত হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ।

আনহাতে বিন্ধাকটাত সমীপতে ৰাইডাং অঞ্চলতো খহনীয়াগ্ৰস্ত অঞ্চলৰ ৰাইজে পৰ্যটকলৈ মুকলি কৰিছে ব্ৰহ্মপুত্ৰ ৰিজৰ্ট। একেই নাৱেৰে পৰিভ্ৰমণ কৰাৰ লগতে খেলা থকা খোৱা সকলো সুবিধা পৰ্যটকলৈ আগবঢ়াইছে অঞ্চলটোৰ ৰাইজে।

আৰু পঢ়ক: দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ফাৰ্মাচী সমূহত দণ্ডাধীশৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in