দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ফাৰ্মাচী সমূহত দণ্ডাধীশৰ অভিযান

দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্তই দণ্ডাধীশ সকলক এক বিশেষ নিৰ্দেশ দিছে।

author-image
Asomiya Pratidin
New Update
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ফাৰ্মাচী সমূহত দণ্ডাধীশৰ অভিযান

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্তই দণ্ডাধীশ সকলক এক বিশেষ নিৰ্দেশ দিছে।দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ফাৰ্মাচী সমূহৰ অনুজ্ঞাপত্ৰ আছেনে নাই আৰু ফাৰ্মাচী সমূহ নিয়ম নীতি মতে চলিছে নে নাই তাক লৈ এক সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ বাবে দিছে নিৰ্দেশ।

Advertisment

এই নিৰ্দেশৰ পাছত কেবাজনো দণ্ডাধীশে জিলাখনৰ ফাৰ্মাচীত অভিযান চলায়। দণ্ডাধীশ সকলে একাংশ ফাৰ্মাচীত অভিযান চলায় যদিও এই অভিযানৰ সময়ত অধিকাংশ ফাৰ্মাচীৰ গৰাকীয়ে ফাৰ্মাচী বন্ধ কৰি পলায়ন কৰা পৰিলক্ষিত হয়। ফলত পলায়ন কৰা ফাৰ্মাচীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ পৰা জাননি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহন কৰা হব বুলি মানকাচৰ ৰাজহ চক্ৰ বিষয়াই জানিবলৈ দিয়ে।

মন কৰিবলগীয়া যে জিলাখনৰ বিভিন্ন ঠাইত কোনো ফাৰ্মাচীষ্ট নোহোৱাকৈ কেৱল বিক্ৰেতাৰ দ্বাৰা ফাৰ্মাচী চলাই ঔষধ বিক্ৰী কৰি অহাৰ অভিযোগ দীৰ্ঘ দিন ধৰি উঠি আহিছে। ফাৰ্মাচীষ্টৰ পৰা ফাৰাত অনুজ্ঞাপত্ৰ লৈ একাংশ ব্যৱসায়ীয়ে ফাৰ্মাচী বনাই ঔষধৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ বাবে জিলা প্ৰশাসনে এনে ফাৰ্মাচীৰ বিৰুদ্ধে এই অভিযান চলায়। মানকাচৰ চহৰতো ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তৰ নেতৃত্বত সজাতি দল এটা ফাৰ্মাচীৰ বিৰুদ্ধে এইদৰে অভিযান চলায়।

আৰু পঢ়ক: নৱবৰ্ষত নব্য চিন্তা বসন্তগিৰি সহায় সফুঁৰা


assam south salmara