কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত জলপথ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ বৈঠক…

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত জলপথ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ বৈঠক…

author-image
asomiyapratidin
New Update
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত জলপথ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ বৈঠক…

ডিজিটেল ডেস্ক: ভাৰতৰ নীল অৰ্থনীতি ত্বৰান্বিত কৰিব পৰা ধাৰণা আৰু উদ্ভাৱনৰ বিষয়ে আলোচনা আৰু চিন্তা-চৰ্চা কৰিবলৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে কৰ্ণাটকত ৩ দিনীয়া কাৰ্যসূচীৰে এক বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত অধ্যক্ষতা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।লগতে উপস্থিত থাকে বহু উচ্চ পদস্থ বিষয়া।

Advertisment

অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে "প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী হৈঠে উপকূলীয় অঞ্চলসমূহৰ সৰ্বাংগীন বিকাশ, আন্তগাঠনি উন্নত কৰা আৰু সামুদ্ৰিক অৰ্থনীতিৰ গতি ত্বৰান্বিত কৰা।  পৰিবহনৰ জৰিয়তে পৰিৱৰ্তনৰ উপলব্ধিক জগাই তুলি তেখেতে আত্মনিৰ্ভৰ ভাৰতৰ সম্ভাৱণাক নতুন গতি দিছে।আজিৰ এই চিন্তন বৈঠকৰ জৰিয়তে আমি পুনৰ একত্ৰিত হৈছো যাতে আমি সকলোৱে দেশৰ সামুদ্ৰিক খণ্ডৰ বিভিন্ন প্ৰত্যাহ্বান আৰু সুযোগ সম্ভাৱণাৰ বিষয়ে বিতংকৈ আলোচনা কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰো।ই আমাৰ বন্দৰ সমূহৰ বিকাশ আৰু আধুনিকীকৰণৰ বাবে আৰু আমাৰ পৰিকল্পনাৰ মসৃণ তথা দ্ৰুত ৰূপায়ণৰ বাবে যাৱতীয় ৰডকমেপ প্ৰস্তুত কৰাত সহায় কৰিব"।

ইয়াৰোপৰি আৰু বিভিন্ন বিষয়ত মন্তব্য প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে কয় যে ভাৰতীয় সামুদ্ৰিক অৰ্থনীতিৰ বিৱৰ্তনত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে অগ্ৰণী ভূমিকা পালন কৰিব।

আৰু পঢ়ক: ৰিপুন বৰাৰ ওপৰত অসন্তুষ্ট, তৃণমূল কংগ্ৰেছ এৰিলে সাধাৰন সম্পাদক চিত্ত ৰঞ্জন পালে…

sarbananda sonowal AYUSH ministry