ৰিপুন বৰাৰ ওপৰত অসন্তুষ্ট, তৃণমূল কংগ্ৰেছ এৰিলে সাধাৰন সম্পাদক চিত্ত ৰঞ্জন পালে…

ৰিপুন বৰাৰ ওপৰত অসন্তুষ্ট, তৃণমূল কংগ্ৰেছ এৰিলে সাধাৰন সম্পাদক চিত্ত ৰঞ্জন পালে…

ডিজিটেল সংবাদ,নগাঁও: ৰিপুন বৰাৰ ওপৰত অসন্তুষ্ট দলৰে নেতা ৷ ৰাজ্যত তৃণমূল কংগ্ৰেছক শক্তিশালী কৰিবলৈ কুচকাৱাজ চলাই থকাৰ সময়তে দলটোৰ ৰাজ্যিক পৰ্যায়ৰ এজন নেতাই পদত্যাগ কৰে ৷

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সাধাৰন সম্পাদক চিত্ত ৰঞ্জন পালে দলটোৰ পৰা পদত্যাগ কৰি ৰাজ্যিক সভাপতিলৈ এক পদত্যাগ পত্ৰ প্ৰদান কৰিছে ৷ এপ্ৰিল মাহত চিত্ত ৰঞ্জন পালে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি তৃণমূলত যোগদান কৰিছিল ৷

ৰিপুন বৰাৰে অতি ঘনিষ্ট পালে পদত্যাগ কৰাত তৃনমূল কংগ্ৰেছৰ ভিতৰ চ'ৰাত সৃষ্ট হৈছে ৰাজনৈতিক খলকনিৰ ৷ যোৱা ২৪ জুনত সভাপতি ৰিপুন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰন কৰে পালে ৷ লগতে তৃনমূলৰ ৰাজ্যসভাৰ সাংসদ সুশ্মিতা দেবলৈকো পদত্যাগৰ প্ৰতিলিপি প্ৰেৰন কৰিছে চিত্ত ৰঞ্জন পালে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in