/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/143c48f9-4a2f-4b70-bf8a-30b0c275ef9f/as.jpg)
ডিজিটেল ডেস্ক: দেওবাৰে সন্ধিয়া গ্ৰন্থমেলাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গ্ৰন্থমেলাত জনসমুদ্ৰ দেখি অভিভূত হৈ পৰা বুলি উল্লেখ কৰি তেওঁ কয়--“অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰশ বিক্ৰেতা সংস্থাই গ্ৰন্থ আন্দোলন তৰান্বিত কৰি অসমত এক সুন্দৰ বৌদ্ধিক বাতাবৰণ গঢ়ি তুলিছে ৷
অসম চৰকাৰৰ উদ্যোগত গ্ৰন্থমেলা গুৱাহাটীৰ লগতে বিভিন্ন জিলালৈ সম্প্ৰসাৰিত কৰাটো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি কয় মন্ত্ৰী গৰাকীয়ে ৷ লগতে কয় যে ইয়াৰ ফলত বিদ্যায়তনিক ক্ষেত্ৰখন সমৃদ্ধ হ’ব , ভাষা-সাহিত্যৰ বাবেও এই পদক্ষেপ আশাব্যঞ্জক ৷ মানুহে দলে দলে আহি গ্ৰন্থ ক্ৰয় কৰাটো অত্যন্ত উৎসাহজনক ৷ বিশেষকৈ তৰুণ প্ৰজন্মই কিতাপৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাটো সমাজ-জীৱনৰ বাবে শুভবাৰ্তা ৷ইয়াৰ জৰিয়তে নতুন প্ৰজন্মৰ পঢ়াৰ অভ্যাস গঢ় লৈ উঠিব বুলি কয় মন্ত্ৰী গৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d3deaade-09d0-4ef0-af54-c6f77a36ed35/WhatsApp_Image_2023_01_08_at_8_09_38_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/b15979af-274c-4ee3-b36d-5ceea97b2957/9c74a05a_1fc5_4598_9c40_7754727b6287.jpg)
তেওঁ অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা “নৱকান্ত বৰুৱা ৰচনাৱলী” আৰু “আনন্দচন্দ্ৰ বৰুৱা ৰচনাৱলী ” ক্ৰয় কৰে ৷ সমন্বয় প্ৰকাশন আৰু শিশু সাহিত্য ন্যাসে গ্ৰন্থৰ টোপোলা উপহাৰ দিয়ে সোণোৱালক ৷
আৰু পঢ়ক: বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ যাব বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা...