সাৰংগৰ হিয়া জিনি অঞ্জনা বহিল বিয়াত...

সাৰংগৰ হিয়া জিনি অঞ্জনা বহিল বিয়াত...

ডিজিটেল ডেস্কঃ আৰম্ভ হ'ল এক নতুন জীৱন দুয়োৰে। আজীৱন ইজনে-সিজনৰ কাষত থকা প্ৰতিশ্ৰুতিৰে বান্ধ খালে যুগ্মজীৱনৰ। কিন্তু এইখন বিয়া আন সচাৰচৰ বিয়াৰ দৰে এখন সাধাৰণ বিয়া নহয়।

বিয়াৰ কইনাৰ নাম অঞ্জনা দেৱী। ১১ ডিচেম্বৰত নগাঁৱৰ মৰিকলঙৰ সাৰংগ শইকীয়াৰে অঞ্জনাই পাতনি মেলিলে জীৱনৰ দ্বিতীয় ইনিংছৰ। এক মধুৰ ক্ষণ। মানৱতা, আকুলতা আৰু দায়িত্ববোধৰ অপূৰ্ব নিদৰ্শন।

উষানগৰী তেজপুৰত ঘৰ অঞ্জনাৰ। সোমেশ্বৰ নাথ আৰু প্ৰফুল্ল দেৱীৰ তিনিটা সন্তান। দুটা ল'ৰা,এজনী কন্যা। তোলনীয়া হ'লেও মাক দেউতাকৰ অতি মৰমৰ অঞ্জনা। বিবাহপাশত আৱদ্ধ হ'বলৈ ইচ্ছা কৰি এদিন চুবুৰীয়া মহিলা এগৰাকীক কৈছিল সেই ইচ্ছাৰ কথা।

তাৰ পাছত স্থাপন হল সংযোগ। সংযোগ হ'ল দুখন হৃদয়ৰ। নগাঁৱৰ মৰিকলঙৰ স্বৰ্গীয় থুলেশ্বৰ শইকীয়া আৰু ভানু শইকীয়াৰ চাৰি সন্তানৰ নুমলীয়া সাৰংগৰ(৪০) হ'ল দৰা। অঞ্জনাক শিৰত সেন্দুৰ পিন্ধোৱাৰ আগতেই,বিবাহাচাৰ্যই দুয়োৰে সাক্ষাতত বিবাহ বিধি পাঠ কৰিলে।

ইতিমধ্যে ১১ডিচেম্বৰত শোণিতপুৰ জিলাৰ বিবাহ বিষয়াৰ সন্মুখত খতপত্ৰত চহী মৰাৰ অঞ্জনাই মনৰ মানুহজনৰ দায়িত্ব কান্ধ পাতি লৈছেই । সেইদিনা দুপৰীয়াৰ সাঁজ গাড়ীতে নিজ হাতে খুৱাই দিলে সাৰংগক। অঞ্জনাই বুজাই দিলে জীৱন জটিল হ'লেও জীৱন বৰ অনুপম ।

তাই কৈ পেলালে- মোক কিজানি ভগৱানে সাৰংগৰ কাৰণেই পঠাইছে। নগাঁৱৰে বৰপাঠৰী বীণাপাণি স্বৰ্গীয় হলিৰাম বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সাৰংগ বিশেষ ধৰণে সক্ষম ।

জন্মৰ চাৰি বছৰৰ পাছতে দেখা দিয়া locomotor ৰোগ ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈছিল। এদিন কঁকালৰ তলৰ অংশ প্ৰায় অচল হৈ পৰিল। কিন্তু সাৰংগই মনোবল নেৰিলে। জীৱনক জিনিলে এনেকৈয়ে। সংস্থাপিত হ'ল , জীৱনলৈ আহিল প্ৰেম অঞ্জনা হৈ।

শাৰীৰিক অক্ষমতা বাধা নহ'ল প্ৰেম বা বিয়াৰ।পত্নী হিচাপে অঞ্জনাই প্ৰথম দিনাৰ পৰাই সাৰংগৰ প্ৰতি থকা দায়িত্ববোধৰ উমান দিলে। আজিৰ এই যান্ত্ৰিক পৃথিৱীত সাৰংগ, অঞ্জনাৰ এই মিলন ৰৈ গ'ল মানৱতা আৰু প্ৰেমৰ এক অনন্য উদাহৰণ হৈ ।

সাৰংগৰ হিয়া জিনি অঞ্জনা বহিল বিয়াত...
সংসদত ভয়ংকৰ ঘটনাঃ অভিযুক্তই এম.ফিল সম্পূৰ্ণ কৰাৰ পাছতো পোৱা নাছিল চাকৰি, মানসিক ভাৱে ভাগি পৰিছিল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in