/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d9c6d59f-6695-450a-8394-af5c8fa2cfa7/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখা আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত গহপুৰত আয়োজন কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলীয় সাংস্কৃতিক সমাৰোহ। দেওবাৰে এই সমাৰোহৰ লাই খুঁটা স্থাপন কৰা হয়।
উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখা আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত গহপুৰ জিলা শাখাৰ আতিথ্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হ'ব এই উত্তৰ পূৰ্বাঞ্চলীয় সংস্কৃতিক সমন্বয় সমাৰোহ। অহা ১৪ আৰু ১৫ অক্টোবৰ তাৰিখে গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয় প্ৰাংগণত আয়োজন কৰা হৈছে এই সমাৰোহ।
দেওবাৰে এক উদলি মুদুলি পৰিৱেশৰ মাজত অনুষ্ঠানৰ লাই খুঁটা স্থাপন সম্পন্ন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক বাবুল বৰা।
Also Read: মৰাণৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ সুখ বৰুৱাৰ বিয়োগ