মথুৰাপুৰ শংকৰদেৱে শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস

মথুৰাপুৰ শংকৰদেৱে শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ,মথুৰাপুৰঃ বুধবাৰে মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনৰ ২৪ সংখ্যক  প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপ-সভাপতি ।

উমেশ হাতীমুৰীয়াই দিৱসৰ লগত সংগতি ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ন হ'ব লগা ছাত্ৰ ছাত্ৰীসকলক বিজয় তিলক প্ৰদান কৰে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি দুপৰীয়াৰ ভাগত অনুষ্ঠিত হয় মুকলি সভা ৷ সভাত শিল্পী দিৱসৰ উপলক্ষে জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে প্ৰদীপ গগৈয়ে ৷

সভাত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীপ্ৰাপ্তি গোঁহায়ে এটি জ্যোতি সংগীত পৰিবেশন কৰে। প্ৰাক্তন ছাত্ৰী প্ৰতিক্ষাপ্ৰিয়ম আদিত্যই নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলক সংস্কাৰ , নৈতিকতা আদি গুণবিলাক সকলো সময়তে পালন কৰি যাবলৈ আহ্বান জনায়। বিভাগ নিৰীক্ষক পবিত্ৰ গগৈ অনুপ্ৰেৰনামুলক মন্তব্য আগবঢ়াই। পৰিচালনা সমিতিৰ উপ সভাপতি শ্ৰীযুত মুনীন ৰাজকোঁৱৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই ৷

মথুৰাপুৰ শংকৰদেৱে শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস
টকা নিদিলে প্ৰমাণ পত্ৰ নিদিয়ে মানকাচৰৰ এজন গাঁও প্ৰধানে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in