টকা নিদিলে প্ৰমাণ পত্ৰ নিদিয়ে মানকাচৰৰ এজন গাঁও প্ৰধানে

টকা নিদিলে প্ৰমাণ পত্ৰ নিদিয়ে মানকাচৰৰ এজন গাঁও প্ৰধানে

ডিজিটেল সংবাদ, মানকাচৰঃ টকা নিদিলে প্ৰমাণ পত্ৰ নিদিয়ে মানকাচৰৰ এজন গাঁও প্ৰধানে ।মানকাচৰ ৰাজহ চক্ৰৰ অধীনস্থ ১১ নং লাটৰ গাঁও প্ৰধান ছাইদুল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ । কেৱল অভিযোগ নহয়, উতকোচ লোৱাৰ ভিডিঅ' পোহৰলৈ আহিছে গাঁও প্ৰধান জনৰ বিৰুদ্ধে।

যিকোনো প্ৰমাণপত্ৰৰ বাবে যোৱা লোকৰ পৰা গাঁও প্ৰধান ছাইদুলে সংগ্ৰহ কৰে টকা চৰকাৰী দৰমহা পোৱা ছাইদুলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ দাবী তুলিছে ভুক্তভুগি যুৱকে ।

উল্লেখ্য যে চৰকাৰে ই-ৰিক্সা দিয়াৰ বাবে সংখ্যালঘূ লোকৰ পৰা আবেদন বিচাৰিছে। এই অৱদেনৰ বাবে গাঁও প্ৰধানৰ পৰা প্ৰমাণপত্ৰ ল'ব লাগে তাকে লৈ গাঁও প্ৰধানে সুজোগ লোৱাৰ উঠিছে অভিযোগ।

ইফালে এই গৰাকী ছাইদুল ইছলাম নামৰ গাঁও প্ৰধান জনৰ বিৰুদ্ধে ৰাইজৰ সৈতে দুৰ্ব্যৱ্হাৰ কৰাৰো অভিযোগ দীৰ্ঘদিনীয়া। এই জন গাঁও প্ৰধানৰ বিৰুদ্ধে জিলা প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

টকা নিদিলে প্ৰমাণ পত্ৰ নিদিয়ে মানকাচৰৰ এজন গাঁও প্ৰধানে
দেৰগাঁৱৰ পথ দুৰ্ঘটনাত নিহত আৰু আহত পৰিয়ালত সাংসদ গৌৰৱ গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in