ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত পেলনীয়া সামগ্ৰীৰ তলত উদ্ধাৰ মৃতদেহ...

ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত পেলনীয়া সামগ্ৰীৰ তলত উদ্ধাৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত পেলনীয়া সামগ্ৰীৰ তলত উদ্ধাৰ মৃতদেহ...

ডিজিটেল সংবাদ, দুমুনিচকীঃ দুদিন পূৰ্বে টোলগেটত এজন ট্ৰাক চালকক চালকৰ আসনত মৃত অৱস্থাত উদ্ধাৰ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই দেওবাৰে পুনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আন এটা মৃতদেহ উদ্ধাৰ কৰা হয়। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত চৌকিগেটৰ সমীপৰ লক্ষ্মীনগৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সন্ধিয়া প্ৰায় ৫.৪৫ বজাত উদ্ধাৰ কৰা হয় মৃতদেহটো।

Advertisment

উক্ত মৃতদেহটো বৰ্তমানলৈকে চিনাক্ত কৰা হোৱা নাই। চাংসাৰি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। ঘটনা অনুসৰি দেওবাৰে ঘাইপথচোৱাৰ দাঁতিৰ পেলনীয়া সামগ্ৰীৰ মাজৰ ক'লা পলিথিনৰ টোপোলা এটাৰ তলৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো। মৃতদেহটো প্ৰায় ৪০ বছৰ বয়সীয়া এটা পুৰুষৰ মৃতদেহ। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দিনৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথৰ পশ্চিম দিশৰ নামনিৰ পৰা অহা লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি চাংসাৰি আৰক্ষীক অৱগত কৰিছিল। এডিদাচ হাফপেণ্ট পৰিহিত লোকজনক প্ৰায় ৬/৭ দিন পূৰ্বে দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় সচেতন লোকে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি একাংশ কু-প্ৰবৃত্তিৰ লোকৰ লগতে স্থানীয় 'কমলা জি' আৰু 'ব্যঞ্জন' নামৰ ৰেষ্টুৰেণ্ট দুখনে পথৰ দাঁতিকে পেলনীয়া সামগ্ৰী পেলোৱা ঠাই হিচাপে ব্যৱহাৰ কৰাৰ ফলত লক্ষ্মীনগৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উক্ত স্থান স্বাভাৱিকতে দুৰ্গন্ধময় হৈ থাকে। পথচাৰীয়ে উক্ত স্থানেৰে গ'লে নাক কোচাব লগীয়া অৱস্থাৰ সৃষ্টি হয়।

Also Read: এইবাৰ লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা...

Assam police