/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/98fda478-0d4b-4653-aee2-aa23b903ff72/Sangeeta.jpg)
ডিজিটেল ডেস্ক : চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ পিছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। শুকুৰবাৰে দাখিল কৰা আন অভিযোগনামাত নতুন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে চিকিৎসক দম্পতীৰ বিৰুদ্ধে।
অভিযোগনামা অনুসৰি, চিকিৎসক দম্পতীয়ে অবৈধভাৱে ক্ৰয় কৰিছিল নিজ সন্তান বুলি পৰিচয় দিয়া দুই শিশুক। জি এম চি এইছৰ পৰা ক্ৰয় কৰিছিল দুই নৱজাতকক। পূৰ্বতে যমজ সন্তান বুলি দাবী কৰা দুয়োটা শিশুয়েই বেলেগ বেলেগ মাতৃৰ বুলি শুকুৰবাৰৰ অভিযোগনামাত প্ৰকাশ পাইছে।
ঘটনাৰে জড়িত অভিযুক্ত উৎপলা বসুৱে দুই সন্তান যোগান ধৰিছিল চিকিৎসক দম্পতীক। ১ লাখ টকাৰ বিনিময়ত দুই শিশুক চিকিৎসক দম্পতীৰ হাতত গতাই দিয়ে উৎপলা বসুৱে। উল্লেখ্য যে, অভিযুক্ত চিকিৎসক দম্পতীয়ে ভুৱা জন্মৰ প্ৰমাণপত্ৰ উলিয়াই দুই সন্তান নিজৰ বুলি দাবী কৰি আহিছিল।
Also Read: ১ কোটি ২৬ লাখ টকা ব্যয়েৰে ১২৬ সমষ্টিত সাংস্কৃতিক বিভাগৰ বিশেষ কৰ্মশালা...