/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4df95a20-d29b-4fa7-8f9b-1b3adeae67e9/Bimal_Bora.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যৰ শিক্ষাৰ্থীকলৈ সাংস্কৃতিক বিভাগৰ বিশেষ কাৰ্যসূচী। সাংস্কৃতিক বিভাগে ৰাজ্যৰ ১২৬টা সমষ্টিত অনুষ্ঠিত কৰিব বিশেষ কৰ্মশালা। যি কৰ্মশালা হ’ব নাটক, কবিতা আবৃত্তি, সত্রীয় নৃত্য আৰু ওজাপালি বিষয়ত।
কৰ্মশালাত স্বাধীনতা সংগ্রামী লোকৰ জীৱনৰ ওপৰত মনস্থ কৰা হ’ব নাট। জনগোষ্ঠীয় নৃত্য-গীতৰ ওপৰতো ধ্যান দিয়া হ'ব এই কৰ্মশালাত। প্রতিটো বিধানসভা সমষ্টিৰ দুটা স্থানত আয়োজন কৰা হ’ব এই কৰ্মশালা।
কৰ্মশালাত সমষ্টিৰ অন্তৰ্গত থকা শিল্পীসকলেই ছাত্র-ছাত্রীসকলক দিব প্রশিক্ষণ। এই কৰ্মশালাত ষষ্ঠৰ পৰা একাদশ শ্রেণীৰ ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰিব পাৰিব। চৰকাৰী-ব্যক্তিগত উভয় খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশ ল’ব পাৰিব কৰ্মশালাত। অহা ১৫ জুলাইৰ পৰা আৰম্ভ হ’ব এই কৰ্মশালা। আনহাতে ছেপ্টেম্বৰৰ পৰা ৰাজ্যত চৰকাৰীভাবে আয়োজন কৰা হ’ব সংগীতৰ মহাৰণ।
উল্লেখ্য যে, কৰ্মশালাৰ বাবে চৰকাৰে ব্যয় কৰিব ১ কোটি ২৬ লাখ টকা। কৰ্মশালাৰ প্রত্যেক ভেনুত ৫০ হাজাৰ টকাকৈ খৰচ কৰা হোৱাৰ লগতে প্রতি সমষ্টিত দুটাকৈ ভেনু থাকিব। সেই হিচাপত কৰ্মশালাৰ বাবদ এটা সমষ্টিত খৰচ হ’ব ১ লাখ টকা। এক সংবাদমেলত যোগে এই কথা জনালে সাংস্কৃতিক মন্ত্রী বিমল বৰাই।
Also Read: উন্নয়নৰ নামত ধ্বংস হাজাৰ-হাজাৰ শালগছ...