আজি আৰক্ষী জিম্মাৰ ম্যাদ উকলিব ডাঃ সংগীতা দত্তৰ...

শিশু নিৰ্যাতনৰ দৰে গুৰুতৰ অভিযোগত আৰক্ষীৰ জিম্মাত আছে মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত।

author-image
Asomiya Pratidin
New Update
অৱশেষত জে'ললৈ গ'ল শিশু নিৰ্যাতনকাৰী চিকিৎসক ডাঃ সংগীতা দত্ত...

ডিজিটেল ডেস্ক : আজি আৰক্ষী জিম্মাৰ ম্যাদ উকলিব ডাঃ সংগীতা দত্তৰ। শিশু নিৰ্যাতনৰ দৰে গুৰুতৰ অভিযোগত আৰক্ষীৰ জিম্মাত আছে মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত। এই ঘটনাই ৰাজ্যৰ চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

Advertisment

চুবুৰীয়াৰ অভিযোগৰ ভিত্তিত শিশু সুৰক্ষা বিভাগে আৰক্ষীৰ সহায়ত গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক দম্পত্তিক। ডাঃ সংগীতা দত্তৰ লগতে স্বামী ৱালিউল ইছলামক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ৰাখিছে আৰক্ষীয়ে। তদুপৰি এই ঘটনাৰে জড়িত তেওঁলোকৰ দুই বন কৰা কৰ্মীকো নিজৰ জিম্মাত ৰাখিছে আৰক্ষীয়ে।

প্ৰথম পৰ্যায়ৰ জেৰাৰ অন্তত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তক তদন্তৰ খাতিৰত আৰক্ষীয়ে পুনৰ ৫ দিনৰ বাবে নিজৰ জিম্মাত ৰাখিছিল। আজি সেই জিম্মাৰে ম্যাদ উকলিব। তদন্তৰ তথ্য আদালতত দাখিল কৰি আৰক্ষীয়ে ডাঃ সংগীতা দত্ত পুনৰ নিজৰ জিম্মাত ল'ব নে নাই বা তেওঁৰ পৰৱৰ্তী ঠিকনা কি হ'ব সেইয়া লক্ষণীয়।

Also Read: কাজলগাঁৱত হজ যাত্ৰীক সম্বৰ্ধনা

Assam police