কাজলগাঁৱত হজ যাত্ৰীক সম্বৰ্ধনা
ডিজিটেল সংবাদ,চিৰাং: চিৰাং জিলা হজ কমিটীয়ে মঙলবাৰে জিলাখনৰ বৰতালোৱা জামে মছজিদত হজ যাত্ৰীক সম্বৰ্ধনা জনায়। এইবেলি চিৰাং জিলাৰ ১৮ গৰাকী পুৰুষ আৰু ৪ গৰাকী মহিলা মুঠ ২০ পুৰ্ণাৰ্থী হজ যাত্ৰী হিচাপে মক্কালৈ যাব ।
চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুচাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সম্বৰ্ধনা সভাত চিৰাং জিলাৰ প্ৰতিগৰাকী হজ যাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । এই সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিআৰৰ বন বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পাৰিষদ মাধৱ ছেত্ৰী, বিটিআৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আওৱাল, সদৌ বড়োলেণ্ড সাংবাদিক সন্থাৰ সভাপতি আবু বক্কৰ ছিদ্দিক, জেষ্ঠ্য সাংবাদিক আব্দুল মালেক আহমেদ, আমছুৰ, এবিএমছুৰ নেতৃবৰ্গ উপস্থিত থাকে।
সম্বৰ্ধনা অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকলে সদুৰ মক্কালৈ যাত্ৰা কৰা চিৰাং জিলাৰ প্ৰতিগৰাকী হজ যাত্ৰীৰ সুস্বাস্থ্য আৰু সুকলমেই মাতৃভূমিলৈ উভতি অহাৰ বাবে কামনা কৰে। জিলা হজ কমিটিৰ পৰা প্ৰতিগৰাকী হজ যাত্ৰীক ফুলাম গামোছা, আৰনাই আৰু হজ কিট প্ৰদান কৰা হয় লগতে যাত্ৰীসকলক চিকিৎসা বিভাগৰ পৰা প্ৰতিষেধক প্ৰদান কৰা হয় ।
অনুষ্ঠানত সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ এবিএমছুৰ পৰা হজ যাত্ৰীসকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।