মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে, মই জে’লৰ পৰা ওলাই পুনৰ চিকিৎসা সেৱা কৰিম: সংগীতা দত্ত

বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হয় ডাঃ সংগীতা দত্ত। আদালতত তেওঁ কয় যে, ‘মই জে’লৰ পৰা ওলাই আহি পুনৰ চিকিৎসা সেৱা কৰিম।

author-image
Asomiya Pratidin
New Update
মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে, মই জে’লৰ পৰা ওলাই পুনৰ চিকিৎসা সেৱা কৰিম: সংগীতা দত্ত

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হয় ডাঃ সংগীতা দত্ত। আদালতত তেওঁ কয় যে, ‘মই জে’লৰ পৰা ওলাই আহি পুনৰ চিকিৎসা সেৱা কৰিম।জেলত মোক বহুত ৰোগীয়ে সাক্ষাৎ কৰিবলৈ আহে। মই নিজেও জেলত চিকিৎসা লৈ আছোঁ। দীপিকা পাদুকণ, অনুষ্কা শৰ্মা, বিৰাট কোহলিয়েও চিকিৎসা কৰি আছে।

Advertisment

সন্তান দুটি সন্দৰ্ভত তেওঁ কয় যে, মোৰ সন্তান দুটিলৈ বহুত মনত পৰি আছে। সংবাদ মাধ্যমত দেখিছোঁ আম্মা আৰু আব্বা বুলি কৈছে। গুৰুকুল স্কুলত বছৰটোৰ ফিজ দিয়া আছে। কোনোৱে যদি পাৰে কণমানি দুটিক স্কুললৈ অনা-নিয়া কৰক।

তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্র কৰা হৈছে বুলি মন্তব্য কৰে দত্তই। লগতে কয় যে, সময়ত সকলো স্পষ্ট হ’ব, ভগৱানৰ ওপৰত বিশ্বাস আছে।

আজি আদালতত উৎপলা বসুৱে জামিন আবেদন দাখিল কৰে । অভিযোগকৰ্তাই উৎপলাৰ জামিন আবেদনৰ বিৰুদ্ধে আপত্তি দৰ্শায়।

উল্লেখ্য যে, শিশু নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল চিকিৎসক দম্পত্তী সংগীতা দত্ত আৰু ৱালিউল ইছলাম।

Also Read: মহানগৰীত ভয়ংকৰ কাণ্ডঃ গাড়ীৰ ওপৰত বাগৰি পৰিল ইলেক্ট্ৰিক খুঁটা

Assam police