মহানগৰীত ভয়ংকৰ কাণ্ডঃ গাড়ীৰ ওপৰত বাগৰি পৰিল ইলেক্ট্ৰিক খুঁটা

মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নীৰ পাছতো গা লৰা নাই একাংশ ঠিকাদাৰ, চৰকাৰী বিষয়া-কৰ্মচাৰীৰ। মহানগৰীত বৃহস্পতিবাৰৰ আবেলি ৫.৪০ বজাত সংঘটিত হ'ল এক ভয়ানক কাণ্ড।

author-image
Asomiya Pratidin
New Update
মহানগৰীত ভয়ংকৰ কাণ্ডঃ গাড়ীৰ ওপৰত বাগৰি পৰিল ইলেক্ট্ৰিক খুঁটা

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নীৰ পাছতো গা লৰা নাই একাংশ ঠিকাদাৰ, চৰকাৰী বিষয়া-কৰ্মচাৰীৰ। মহানগৰীৰ চিৰিয়াখানাৰ সমীপত বৃহস্পতিবাৰৰ আবেলি ৫.৪০ বজাত সংঘটিত হ'ল এক ভয়ানক কাণ্ড।

Advertisment

চিৰিয়াখানা সমীপৱৰ্তী অঞ্চলত বৃহস্পতিবাৰৰ পুৱাৰ ভাগত ফুটপাথ নিৰ্মাণৰ বাবে কিছু সংখ্যক বনুৱাই গাত খান্দিছিল। কিন্তু ফুটপাথৰ সমীপতে থকা ইলেক্ট্ৰিক লাইনৰ খুঁটাবোৰ কিমান সুৰক্ষিত সেই কথালৈ গুৰুত্ব দিয়া নাছিল।

বৃহস্পতিবাৰে আবেলি অহা এজাক বৰষুণ আৰু মৃদু বতাহত বাগৰি পৰে তেনে এটা ইলেক্ট্ৰিকৰ খুঁটা। চিৰিয়াখানাৰ জুৰণী পথলৈ সোমোৱা সন্মুখৰ আগত থকা এখন দলঙত এই খুঁটাটো বাগৰি পৰে। সেই সময়ত উক্ত পথেৰে এখন গাড়ী পাৰ হ'ব লৈছিল।

খুঁটাতো হঠাৎ বাগৰি পৰাত গাড়ীখনো কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয় যদিও সৌভাগ্যক্ৰমে কোনো লোকৰ হানি বিঘিনি নহ'ল। স্থানীয় বাসিন্দাই এই বিষয়টো জিলা প্ৰশাসনক অৱগত কৰাৰ লগতে সংশ্লিষ্ট বিভাগে এইবোৰ কাম কৰোতে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

Also Read: মণিপুৰ কাণ্ডক লৈ উত্তপ্ত সংসদ; সৰ্বোচ্চ ন্য়ায়ালয়, মহিলা আয়োগৰ তীব্ৰ প্ৰতিক্ৰিয়া

guwahati