চকুপানীৰে বাট নেদেখা সংগীতা দত্তৰ গ্ৰেপ্তাৰ হ'বলৈও প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ

চকুপানীৰে বাট নেদেখা সংগীতা দত্তৰ গ্ৰেপ্তাৰ হ'বলৈও প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ

ডিজিটেল ডেস্ক : সমগ্ৰ ৰাজ্য উত্তাল কৰি ৰখা ডা: সংগীতা দত্ত আৰু ডা: ৱালিউল ইছলামৰ কাণ্ডই প্ৰতিদিনেই এক নতুন মোৰ লৈ গৈ আছে । প্ৰথমে চিকিৎসকদ্বয় ফুকেটলৈ ফুৰিবলৈ যোৱাৰ সুযোগ গ্ৰহণ কৰি এই ষড়যন্ত্ৰ ৰচা বুলি দাবী কৰা সংগীতা দত্তৰ এটাৰ পাছত আনটি তথ্য প্ৰকাশ হোৱাৰ পাছতহে জোলোঙাৰ মেকুৰী বাহিৰ ওলাল । পদে পদে মিছা ভাষ্য দি আৰক্ষী আৰু ৰাইজক বিভ্ৰান্ত কৰা সংগীতা দত্ত সম্পৰ্কে এইবাৰ আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰিলে আন এক তথ্য ।

আৰক্ষীৰ ভাষ্য অনুসৰি, সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ শিশুদুটি তুলনীয়া । আনহাতে, শিশুদুটিৰ প্ৰকৃত পিতৃ-মাতৃৰ পৰিচয় অথবা ঠিকনা সম্পৰ্কেও জ্ঞাত নহয় তেওঁলোক । যাৰ যোগেদিয়েই এনেদৰে সন্তান তুলি লোৱাৰ ক্ষেত্ৰত থকা আইনো ভংগ কৰিছিল চিকিৎসক দম্পত্তিদ্বয়ে । এতিয়া আৰক্ষীয়ে সন্দেহ কৰিছে যে সন্তান তুলি লোৱাৰ পৰৱৰ্তী দুটা বছৰ পৰ্যন্ত নিকটৱৰ্তী আৰক্ষী চকীত সন্তানটিৰ সম্পৰ্কে দি থাকিব লগীয়া তথ্যও জমা দিয়া নাই দম্পত্তিহালে । কন্যা সন্তানটিক ২০১৯ চনত নৱজাতক অৱস্থাত তুলি লৈছিল দম্পত্তিহালে ।

মাত্ৰ ৩-৪ বছৰীয়া কন্যা শিশুটিক ফুকেটলৈ বনকৰা কৰ্মীৰ হাতত এৰি থৈ যোৱাৰ ওপৰিও সমগ্ৰ দেহত আছিল নখৰ আঁচোৰ, গোপন অংগ জ্বলাই দিয়া হৈছিল শিশুটিৰ । শিশু গৃহৰ স্বাস্থ্য পৰীক্ষাত সন্মুখলৈ আহিছে সংগীতা দত্তৰ এনে আসুৰিক অত্যাচাৰৰ কাহিনী ।

আনহাতে, সংগীতা দত্তৰ স্বামী ৱালিউল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পাছত পকেটত থকা শ্লিপিং টেবলেট গ্ৰহণ কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল ৱালিউলে । যাৰ ফলতেই কান্দি-কাটি সংগীতা দত্তই আহ্বান জনাইছিল এই ষড়যন্ত্ৰক নি:শেষ কৰি প্ৰকৃত দোষীক বিচাৰি উলিয়াবলৈ ।

কিন্তু নিশা কেন্দ্ৰীয় অতিৰিক্ত উপ-আয়ুক্ত নন্দিনী কাকতিৰ নেতৃত্বত চলা এক অভিযানৰ অন্তত গ্ৰীনউড ৰিজৰ্টৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সংগীতা দত্তক । কিন্তু সমগ্ৰ ঘটনা সন্দৰ্ভত যেন কোনো অনুতাপ নাই সংগীতা দত্তৰ । বৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সময়তো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিহে পল্টনবজাৰ আৰক্ষী চকীলৈ আহিছিল চিকিৎসক গৰাকী ।

চ'চিয়েল মিডিয়াত সততেই মানসিক স্বাস্থ্য আৰু শিশু সুৰক্ষাৰ কথা কৈ অহা চিকিৎসক দম্পত্তিৰ আছে এটি সুনাম । কিন্তু সেই সুনামৰ তলে তলে এনে ধৰণৰ পৈশাচিক কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতহে মুখাৰ আঁৰৰ মুখ সন্মুখলৈ আহিছে ।

উল্লেখ্য যে, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্ত তথা অসম আৰক্ষীৰ অন্য শীৰ্ষবিষয়াসকলক আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দি সমগ্ৰ ঘটনাৰাজিৰ তত্বাৱধান কৰিছিল । এই সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ অসম আৰক্ষীক নিৰ্দেশ দি প্ৰত্যক্ষৰূপে গোচৰটো নিৰীক্ষণ কৰি আছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

চকুপানীৰে বাট নেদেখা সংগীতা দত্তৰ গ্ৰেপ্তাৰ হ'বলৈও প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ
কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে বেংগালুৰুত 'মেগা ৰেলী' নৰেন্দ্ৰ মোডীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in