কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে বেংগালুৰুত 'মেগা ৰেলী' নৰেন্দ্ৰ মোডীৰ

কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে বেংগালুৰুত 'মেগা ৰেলী' নৰেন্দ্ৰ মোডীৰ

ডিজিটেল ডেস্ক : সমাগত কৰ্ণাটক বিধানসভা নিৰ্বাচন । ১০ মে'ত ভোটদান প্ৰক্ৰিয়া ৰাজ্যখনত । তাৰ পূৰ্বেই সকলো দলেই সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে নিৰ্চানী প্ৰচাৰত । ইতিপূৰ্বে দাক্ষিণাত্যত কংগ্ৰেছৰ দূৰ্গখ্যাত কৰ্ণাটকৰ নিৰ্বাচনী বতাহ এইবাৰ অইন দিশে বলাৰ সুযোগ দেখিছে দলসমূহে । আৰু কোনো দলেই যেন সেই সুযোগ এৰি দিব বিচৰা নাই ।

যাৰ বাবেই ক্ৰমাগত দ্বিতীয় দিনৰ বাবে কৰ্ণাটকৰ 'মেগা ৰেলী'ত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । নিৰ্বাচনী প্ৰচাৰৰ দিশত সকলোতকৈ এখোজ আগত ভাৰতীয় জনতা পাৰ্টী । শনিবাৰেও প্ৰায় ২৬ কিলোমিটাৰজোৰা শোভাযাত্ৰাত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰসহিত এক বৃহৎ সংখ্যক লোকৰ উপস্থিতি দেখা গৈছিল বিজেপিৰ প্ৰচাৰত । তাৰেই পুনৰাবৃত্তি ঘটাই আজি আকৌ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে ।

আজি দিনৰ ১০ বজাৰ পৰা আৰম্ভ হ'ব লগীয়া এই শোভাযাত্ৰা আৰম্ভ হ'ল আজিৰ বেংগালুৰুৰ পিতৃস্বৰূপ কেম্পেইগোড়াৰ প্ৰতিমূৰ্তিৰ সন্মুখৰ পৰা । প্ৰায় ১০ কিলোমিটাৰজোৰা এই শোভাযাত্ৰাৰ সৈতেই অন্ত পৰিব দুদিনীয়া 'মেগা ৰেলী' নিৰ্বাচনী প্ৰচাৰ ।

আনহাতে, অজি সৰ্বভাৰতীয় পৰ্যায়ত চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা থকা হেতুকে ১১.৩০ বজাতেই এই শোভাযাত্ৰাৰ সামৰণি মাৰিব নৰেন্দ্ৰ মোডীয়ে ।

কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে বেংগালুৰুত 'মেগা ৰেলী' নৰেন্দ্ৰ মোডীৰ
তামুলপুৰৰৰ কুমাৰীকাটাৰ কালিপুৰত বাহন সহ কাঠৰ কুণ্ডা জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in