সংগীতা বৰুৱা পিছাৰটিলৈ ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা-২০২৩’

সংগীতা বৰুৱা পিছাৰটিলৈ ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা-২০২৩’

ডিজিটেল সংবাদ, গুৱাহাটী : চলিত বৰ্ষৰ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা-২০২৩’ আগবঢ়োৱা হৈছে দেশৰ এগৰাকী বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰটিলৈ। অসমৰ জীয়াৰী সংগীতা বৰুৱা 'দ্য ৱায়াৰ’ সংবাদগোষ্ঠীৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ আৰু চীফ অৱ ব্যুৰ' পদত কৰ্মৰত।

২০১৬ চনত 'দ্য ৱায়াৰ'ত তেখেতে উপ সম্পাদক হিচাপে যোগদান কৰিছিল। ২০০২ চনৰ পৰা ২০১৫ চনলৈ 'দ্য হিন্দু'ৰ উপ সম্পাদক হিচাপে কাম কৰা সংগীতা বৰুৱাই সংবাদ-সংস্থা ইউ এন আই আৰু 'দ্য নেশ্যনেল হেৰাল্ড' কাকততো কাৰ্যনিৰ্বাহ কৰিছিল। কেবাইখনো গ্ৰন্থৰ ৰচয়িতা সংগীতাৰ বহুপঠিত গ্রন্থ 'আছামঃ দ্য একর্ড, দ্য ডিছকর্ড' প্রকাশ কৰিছে বিশ্বৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী পেংগুইনে। ‘অসমীয়াত্ব’ বিষয়টোক মুখ্য বিষয় হিচাপে লৈ ইংৰাজীত লিখা আন এখন নতুন গ্রন্থ 'দ্য আছামিজ' আগন্তুক সময়ত প্ৰকাশ পাবলৈ গৈ আছে।

উল্লেখ্য যে, পূৰ্বে পৰাগ কুমাৰ দাসৰ ওপজা দিন ২৪ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰি অহা হৈছিল যদিও ২০২২ চনৰ পৰা তেখেতৰ পৰিয়ালৰ লগত হোৱা আলোচনামৰ্মে তেখেতৰ মৃত্যু তিথি ১৭ মে'ত এই বঁটা প্ৰদান কৰা হয় । নির্ভীক সাংবাদিক, লেখক, মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ জীৱন সংগ্ৰাম আৰু জাতীয় চেতনা নতুন প্ৰজন্মৰ মাজত যাতে নিৰন্তৰ চৰ্চা হৈ থাকে, সেই উদ্দেশ্যৰে পৰাগ কুমাৰ দাসৰ একাংশ সতীৰ্থই এই বঁটা প্ৰদান কৰি আহিছে।

এইবাৰ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট লেখক তথা সেইসময়ৰ ‘বুধবাৰ'ৰ নিয়মীয়া স্তম্ভ লেখক, গল্পকাৰ দেৱব্ৰত দাসক বিশেষভাৱে সম্বর্ধনা জনোৱা হ'ব। পৰাগ কুমাৰ দাসৰ সাংবাদিকতাৰ বৰ্তমান সময়ত প্রাসংগিকতা সন্দৰ্ভত আলোকপাত কৰি স্মাৰক বক্তৃতা প্ৰদান কৰিব বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰে। অনুষ্ঠানটোত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিব পৰাগ কুমাৰ দাসৰ পৰিয়ালবৰ্গই।

বিশেষ অতিথি হিচাপে উপস্থিত থাকি এই বঁটা প্ৰদান কৰিব বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাই। গুৱাহাটী প্ৰেছ ক্লাবত ১৭ মে'ৰ দিনৰ ১ বজাত অনুষ্ঠিত হ'বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানলৈ উদ্যোক্তাসকলে সকলোৰে সহযোগিতা কামনা কৰিছে।

সংগীতা বৰুৱা পিছাৰটিলৈ ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা-২০২৩’
পীযুষ হাজৰিকাৰ মানুহ বুলি কৈ বিপদত বিধায়ক নিজাম উদ্দিন চৌধুৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in