হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই...

হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই...
হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই...

ডিজিটেল ডেস্কঃ পুনৰ মুখ খুলিছে হিতেশ দেৱ শৰ্মাই। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত পুনৰ সামাজিক মাধ্যমত এটা পোষ্ট দিছে হিতেশ দেৱ শৰ্মাই।

তেওঁ, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ বজাৰৰ খবৰ বুলি উল্লেখ কৰাৰ কথা দোহাৰে। হিতেশ দেৱ শৰ্মাৰ প্ৰশ্ন, তেওঁ এন আৰ চিৰ সমন্বয়ক হৈ থকাৰ সময়ত কিয় আছু এবাৰলৈও আলোচনালৈ নাহিল?

ইয়াৰ বিপৰীতে প্ৰতীক হাজেলা এন আৰ চিৰ সমন্বয়ক হৈ থকাৰ সময়ত আছুৰ নেতৃত্বই সপ্তাহত দুবাৰ-তিনিবাৰকৈ লগ ধৰিছিল বুলিও মন্তব্য কৰিছে। ইফালে হিতেশ দেৱ শৰ্মাই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ কৈছ, প্ৰতীক হাজেলাৰ পৰা মাহে ১৬ লাখ কৈ টকা লোৱা বুলি কোৱা কথা গোকাট মিছা কথা। হিতেশ দেৱ শৰ্মা এজন চূড়ান্ত মিছলীয়া। সস্তীয়া প্ৰচাৰৰ বাবে হিতেশ দেৱ শৰ্মাই এই প্ৰলাপ বকিছে।

মানসিক ভাৱে সুস্থ, ভাৰাসাম্য থকা লোকে এনে মন্তব্য কৰিব নোৱাৰে। তেওঁ হিতেশ দেৱ শৰ্মাক মানসিক চিকিৎসকৰ পৰা পৰামৰ্শ ল'বলৈও আহ্বান জনাইছে। এনে অসত্য কথা কোৱাৰ বাবে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে।

তেওঁ অধিবক্তাৰ সৈতেও এই বিষয়ে কথা-বতৰা পাতি মানহানিৰ গোচৰ তৰিব হ'ব বুলি হুংকাৰ দিছে। ইফালে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ এই মন্তব্যৰ পিছতে হিতেশ দেৱ শৰ্মায়ো আইনী প্ৰক্ৰিয়াৰ সহায় ল'ব বুলিও মন্তব্য কৰিছে।

হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই...
মোডীয়ে জানে 'আৱেগ' কিঃ সাজ-পাৰৰ আঁৰত থাকে ৰাজনীতি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in