বজালীত সম্প্ৰদায় উৎসৱ পালন

শৈক্ষিক শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক গীত, নৃত্য, আদি দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় বিভিন্ন ব্যৱহাৰিক শিক্ষা প্ৰদানৰ উদ্দেশ্যে বজালীৰ চৰকাৰী শিক্ষা অনুষ্ঠান সমূহত গ্ৰহন কৰা হৈছে সম্প্ৰদায় উৎসৱ।

author-image
Asomiya Pratidin
New Update
বজালীত সম্প্ৰদায় উৎসৱ পালন

ডিজিটেল সংবাদ, বজালী: বজালী জিলাৰ নিত্যানন্দত শিশুৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে চৰকাৰী বিদ্যালয় সমূহৰ মাজত সম্প্ৰদায় উৎসৱ পালন। শৈক্ষিক শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক গীত, নৃত্য, আদি দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় বিভিন্ন ব্যৱহাৰিক শিক্ষা প্ৰদানৰ উদ্দেশ্যে বজালীৰ চৰকাৰী শিক্ষা অনুষ্ঠান সমূহত ২৩ ডিচেম্বৰত পালন কৰা হয় সম্প্ৰদায় উৎসৱ।

Advertisment

শিক্ষা বিভাগৰ অধীনত বজালী জিলাৰ নিত্যানন্দ শিৱ মন্দিৰ মধ্য ইংৰাজী হাইস্কুলত অনুষ্ঠিত হয় সম্প্ৰদায় উৎসৱ।

শিব মন্দিৰ হাইস্কুলত বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সম্প্ৰদায় উৎসৱত ৩ শতাধিক ছাত্ৰ - ছাত্ৰীয়ে অংশগ্ৰহন কৰাৰ লগতে বহু ছাত্ৰ ছাত্ৰীয়ে চিত্ৰাংকণ,নৃ়ত্য, গীত, আবৃত্তি আদি বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে।

আৰু পঢ়ক: ইটা ভাটাত বিস্ফোৰণ; নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা মোডীৰ...

assam bajali