/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/72f43516-d1ee-4932-8af7-87feac719b87/AP_FOR_WEB_samar.jpg)
ডিজিটেল ডেস্কঃ মাতৃক অত্যাচাৰ কৰা পুত্ৰক আটক কৰিলে দিছপুৰ আৰক্ষীয়ে। সোমবাৰে এক ভিডিঅ' পোহৰলৈ আহিছিল য'ত এজন পুত্ৰই নিজ মাতৃক নিৰ্মমভাৱে অত্যাচাৰ কৰা দেখিবলৈ পোৱা গৈছিল।
তাৰপাছতেই আটক হয় সমৰজ্যোতি ভৰালী নামৰ লোকজন। এইজন কুলাংগাৰ পুত্ৰই জন্মদাত্ৰী মাতৃক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে। খুঁটাত বান্ধি লাঠীৰে মৰিয়াই মৰিয়াই প্ৰহাৰ কৰে বৃদ্ধা মাতৃক।
কেৱল ইমানতেই ক্ষান্ত নাথাকি গৰম পানী ঢালি দিয়ে মাতৃৰ গাত। ভৰিৰে, হাতেৰেও প্ৰহাৰ কৰা দেখা যায় ভিডিঅ'টোত। জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপতে সংঘটিত এই কাণ্ড। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Also Read: চিকিৎসা শিক্ষাত OBC আৰু MOBC শিক্ষাৰ্থীৰ নামভৰ্তিত স্থগিতাদেশ গুঃ উচ্চ ন্যায়ালয়ৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us