চিকিৎ‍সা শিক্ষাত OBC আৰু MOBC শিক্ষাৰ্থীৰ নামভৰ্তিত স্থগিতাদেশ গুঃ উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। চিকিৎ‍সা শিক্ষাৰ আসন সংৰক্ষণক লৈ এই নিৰ্দেশ ন্যায়ালয়ৰ।

author-image
Asomiya Pratidin
New Update
চিকিৎ‍সা শিক্ষাত OBC আৰু MOBC শিক্ষাৰ্থীৰ নামভৰ্তিত স্থগিতাদেশ গুঃ উচ্চ ন্যায়ালয়ৰ

gauhati high court

ডিজিটেল ডেস্কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। চিকিৎ‍সা শিক্ষাৰ আসন সংৰক্ষণক লৈ এই নিৰ্দেশ ন্যায়ালয়ৰ।

Advertisment

১১ আগষ্ট পৰ্যন্ত চিকিৎ‍সা শিক্ষাৰ নামভৰ্তিকৰণত স্থগিতাদেশ জাৰি কৰে ন্যায়ালয়ে। OBC আৰু MOBC শিক্ষাৰ্থীৰ নামভৰ্তিৰ ক্ষেত্রত এই স্থগিতাদেশ। সংৰক্ষণৰ ক্ষেত্রত চৰকাৰৰ ত্রুটিৰ কথা আদালতত স্বীকাৰ। এই কথা স্বীকাৰ কৰিলে মহাধিবক্তা দেৱজিৎ‍ শইকীয়াই।

ইয়াৰ পিছতেই নামভৰ্তিত স্থগিতাদেশ ন্যায়ালয়ৰ। OBC, MOBCৰ বাবে অসমত ১৫% আসন সংৰক্ষণৰ নিৰ্দেশ আছে। এই আসন কেৱল OBCৰ আৰ্থিকভাৱে দুৰ্বল শ্রেণীৰ বাবেহে সংৰক্ষণ হ’ব লাগে।

কিন্তু এই নিয়ম মানি চলা নাই ৰাজ্য চৰকাৰে। ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৩ বঞ্চিত প্রাৰ্থী। এই প্ৰাৰ্থীসকলৰ আবেদনৰ ওপৰতে শুনানি হৈ আছে ন্যায়ালয়ত।

Also Read: চাবুৱাত চাউল বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ তুলি একাংশৰ প্ৰতিবাদ

gauhati high court