বকোত লাচিত দিৱস উপলক্ষে অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি...

২৩ নৱেম্বৰ আৰু ২৪ নৱেম্বৰ দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল দিবা নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
বকোত লাচিত দিৱস উপলক্ষে অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি...

samariya

ডিজিটেল সংবাদ, ছমৰীয়া :- কামৰূপ জিলাৰ বকোত বিগত তিনিদিন ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, চক্ৰ বিষয়াৰ কাৰ্যালয়, বকো আৰক্ষী থানা আদিকে ধৰি স্থানীয় যুৱক সকলৰ উদ্যোগত বিভিন্ন ধৰণে উদযাপন কৰা হৈছে অসম তথা অসমীয়া জাতিৰ মহাবীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী।

Advertisment

বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে বকো আৰক্ষী থানাৰ অন্তৰ্গত হাহিম আৰক্ষী চকী আৰু স্থানীয় যুৱকৰ উদ্যোগত ২৩ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল দিবা নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতা। এই দিবা নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাখনি ২৩ নৱেম্বৰৰ দিনাৰ প্ৰথম খেল উদ্বোধন কৰে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মাওখ্ৰন গাঁৱৰ জেষ্ঠ নাগৰিক উইলিয়াৰ্ড আৰ মাৰাকে।

উদ্বোধনী খেলখনৰ প্ৰথমখন খেল অনুষ্ঠিত হয় অসম-মেঘালয় দুই ৰাজ্যৰ আৰক্ষী উপ-পৰিদৰ্শকৰ দলৰ মাজত। খেলত অংশগ্ৰহণ কৰে বকো হাহিম আৰক্ষী চকীৰ উপ-পৰিদৰ্শক বিক্ৰম বসুমতাৰী আৰু মেঘালয়ৰ আঠিয়াবাৰী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক চেমুৱেল ডি চাংমাই। এই খেলখনত মুঠ ৩৭ টি দলে অংশগ্ৰহণ কৰে। ২৪ নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে নিশা দিবা নৈশ দৈত বেডমিণ্টন প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেল খন অনুষ্ঠিত হয়।

এই চূড়ান্ত খেলখনত হাহিম আৰক্ষী চকীৰ হৈ অলকেশ কলিতাৰ দলে প্ৰথম পুৰস্কাৰ আৰু বকো আৰক্ষী থানাৰ হৈ ধীৰাজ কলিতাৰ দলে দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। উল্যেখ্য যে এই খেলখনৰ প্ৰথম পুৰস্কাৰত আছে নগদ ধন ১০ হাজাৰ টকাৰ লগতে ট্ৰফী এটা আৰু দ্বিতীয় পুৰস্কাৰত আছে নগদ ধন ৫ হাজাৰ টকাৰ লগতে ট্ৰফী এটা। ইয়াৰ পিছতে পুৰস্কাৰ লাভ কৰা দুয়োটি দলকে হাহিম আৰক্ষী চকীৰ ফালৰ পৰা নগদ ধন, ট্ৰফী, মেডেল ও এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

আৰু পঢ়ক : লাচিত দিৱস উপলক্ষে বিদ্যালয় ভিত্তিত ৰচনা প্ৰতিযোগিতা : চাওক ফলাফল...

samariya BOKO assam