লাচিত দিৱস উপলক্ষে বিদ্যালয় ভিত্তিত ৰচনা প্ৰতিযোগিতা : চাওক ফলাফল...

ৰচনা লিখা প্ৰতিযোগিতাত ১৪ খন প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত শ্ৰেষ্ঠ হৈ বকোৰ শিক্ষাৰ্থী এগৰাকীয়ে গৌৰৱ কঢ়িয়াই আনিছে
boko
boko

ডিজিটেল সংবাদ, বকো : মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে উদযাপন কৰা লাচিত দিৱসত ৰচনা লিখা প্ৰতিযোগিতাত ১৪ খন প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত শ্ৰেষ্ঠ হৈ বকোৰ শিক্ষাৰ্থী এগৰাকীয়ে গৌৰৱ কঢ়িয়াই আনিছে। জানিব পৰা মতে বকো শিক্ষাখণ্ডৰ অন্তৰ্গত জাৰাপাৰা গাঁৱৰ পূৰ্ণ চন্দ্ৰ দাস প্ৰাথমিক বিদ্যালয়ৰ সৰলা ৰাভা নামৰ পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীগৰাকীয়ে ডাকুৱাপাৰা সমল কেন্দ্ৰৰ ভিতৰত 'বীৰ লাচিত বৰফুকন'ৰ জীৱনৰ ওপৰত ৰচনা লিখি শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে ।

বৃহস্পতিবাৰে শিক্ষাৰ্থীগৰাকীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু ৰাইজ আনন্দিত হৈ পৰিছে। আনহাতে শিক্ষা বিভাগৰ পৰামৰ্শ মতে আয়োজন কৰা বিদ্যালয়খনৰ বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ -- আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে প্ৰাঞ্জনা ৰাভাই, দ্বিতীয় স্থান ইনামনি ৰাভা আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ঈষামণি ৰাভাই। চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে যৌথ ভাবে দুৱৰী ৰাভা আৰু টিনামণি ৰাভাই, দ্বিতীয় স্থান ৰিস্মিতা ৰাভা আৰু তৃতীয় স্থান লাভ কৰে জানমণি ৰাভাই।

ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে সৰলা ৰাভাই, দ্বিতীয় স্থান লাভ কৰে সুপ্ৰভা ৰাভাই। আনহাতে ৰচনা প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় জ্যোতিষ্মিতা ৰাভাই। কুইজ প্ৰতিযোগিতাত কৌশিক ৰাভাৰ দলে প্ৰথম, মামনি ৰাভা দলে দ্বিতীয় আৰু কুখান্দ বড়োৰ দলে তৃতীয় স্থান লাভ কৰে। বিদ্যালয়ৰ পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত প্ৰতিযোগিতাত বিজয়ী শিক্ষাৰ্থীসকলক আজি আনুষ্ঠানিকভাৱে পুৰস্কাৰ বিতৰণ কৰা হয়।

উল্লেখযোগ্য যে ১৯৭২ ইং বৰ্ষত স্থাপিত পূৰ্ণ চন্দ্ৰ দাস প্ৰাথমিক বিদ্যালয়ত সম্প্ৰতি ৯৮ গৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে। বকো শিক্ষাখণ্ডৰ ভিতৰত উল্লেখিত প্ৰাথমিক বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰে দ্বিতীয় স্থানত আছে। বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক-শিক্ষয়িত্ৰী আৰু শ্ৰেণীকোঠাৰ অভাৱ।

উল্লেখযোগ্য যে একাংশ অভাৱকৰ চৰকাৰী শিক্ষাখণ্ডৰ শিক্ষানুষ্ঠানৰ প্ৰতি অনিহাৰ বিপৰীতে বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেশ মহন্তই দুই সন্তানক পূৰ্ণ চন্দ্ৰ প্ৰথমিক বিদ্যালয়ত পঢ়ুৱাইছে। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা এইখন প্ৰাথমিক বিদ্যালয়তে পঢ়ি সম্প্ৰতি ৰাজনৈতিক ক্ষেত্ৰখনত উজ্জ্বলি উঠিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in