/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/samariiiiii.jpg)
ডিজিটেল সংবাদ,ছমৰীয়া : কামৰূপ জিলাৰ বকোৰ ছমৰীয়া সত্ৰত মুকলি হ'ল ছমৰীয়া ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ নামেৰে এটি ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ। কেন্দ্ৰটো মুকলি কৰে ৰাষ্ট্ৰীয় পদক প্ৰাপ্ত ভলীবল খেলুৱৈ আব্দুল বাটেনে। এই ভলীবল কেন্দ্ৰটোৰ জৰিয়তে ছমৰীয়া ৰামসৰস্বতী খেলপথাৰত ছমৰীয়া সত্ৰৰ ইচ্ছুক ল'ৰা-ছোৱালীক ভলীবলৰ প্ৰশিক্ষণ দিয়া হ'ব। জানিব পৰা মতে, এই ভলীবল কেন্দ্ৰটোৰ খেলুৱৈ সকলক ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ তথা প্ৰশিক্ষক আৰিফ ইকবাল আহমেদে প্ৰশিক্ষণ দিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/samariaaa-1024x768.jpg)
প্ৰাপ্ত তথ্য মতে ছমৰীয়া সত্ৰৰ ভলীবল খেলুৱৈ বিকাশ জ্যোতি কলিতা আৰু ধনমনি কলিতাৰ উদ্যোগত আৰম্ভ কৰা হৈছে এই প্ৰশিক্ষণ কেন্দ্ৰটো। ছমৰীয়া আঞ্চলিক যুৱ সংঘত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি অনুষ্ঠানত উপস্থিত থাকে ছমৰীয়া আঞ্চলিক যুৱ সংঘৰ সভাপতি চন্দন ভৰালী, সম্পাদক মিতুল কলিতা, চক্ৰ কলিতা, অমৃত কলিতা, শংকৰ কলিতাৰ লগতে জিলা পৰ্যায়ৰ খেলুৱৈ জ্যোতিপ্ৰসাদ ৰাভা, ধনঞ্জয় ৰাভা আৰু ইচফাকুৰ ৰহমান।
আৰু পঢ়ক : সশস্ত্ৰ সংগঠনসমূহক মূলসূঁতিলৈ ঘূৰি অহাৰ আহ্বান প্ৰমোদ বড়োৰ…