সশস্ত্ৰ সংগঠনসমূহক মূলসূঁতিলৈ ঘূৰি অহাৰ আহ্বান প্ৰমোদ বড়োৰ…

সশস্ত্ৰ সংগঠনসমূহক মূলসূঁতিলৈ ঘূৰি অহাৰ আহ্বান প্ৰমোদ বড়োৰ…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰত ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে । ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰমোদ বড়োৱে আজিৰ দিনটোক ঐতিহাসিক বুলি মন্তব্য কৰি স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া ছহিদ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে ।

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰমোদ বড়োৱে নিজ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে । সশস্ত্ৰ সংগঠনসমুহক মূলসূঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাই প্ৰমোদ বড়োৱে বিটিআৰৰ উন্নয়নমুলক কাম-কাজৰ বিষয়েও ভাষণত উল্লেখ কৰে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে অসম আৰক্ষী , চিআৰপিএফ , গৃহৰক্ষী , অসম পুলিচ বেটেলিয়ন, গৃহৰক্ষী বাহিনী , বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in