/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/0e271c23-977e-4102-95f5-4ec28919cbda/sssss.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা :দক্ষিণ শালমাৰা মানকাচৰ জিলাত সামাজিক অধিকৰিতা শিবিৰৰ দ্বাৰা ১১০১৭ জন জেষ্ঠ নাগৰিক সকলক বিভিন্ন সহায়ক সঁজুলি বিতৰণ কৰা হয়। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত থকা ৰাষ্ট্রীয় বয়শ্ৰী যোজনাৰ জৰিয়তে এই সজুলি বিতৰণ।
উল্লেখযোগ্য যে বুধবাৰে জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত হাটশিঙিমাৰী জিলা প্ৰশাসন, ফেকামৰী খণ্ড উন্নয়ন বিষয়া আৰু ফেকামৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা মুঠ ৬৮১৬ গৰাকী জেষ্ঠ নাগৰিকক বিভিন্ন সহায়ক সঁজুলি বিতৰণ কৰা হয় । এই কাৰ্যসূচীত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা সমাজ কল্যান বিষয়া হিয়া মেধী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
কালি মানকাচৰ শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা ২২৪৮ জন জেষ্ঠ নাগৰিকক এনে সহায়ক সঁজুলি বিতৰণ কৰা হৈছিল। কাইলৈ দক্ষিণ শালমাৰা শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ১৯৫৩ জন জেষ্ঠ নাগৰিকক এনে সহায়ক সঁজুলি বিতৰণ কৰা হ'ব। কিছুদিন পূৰ্বে জিলা প্ৰশাসনৰ সহযোগত জিলা খনত এলিমকোৰ ফালৰ পৰা কেম্প পাতি দিব্যাংগ তথা জেষ্ঠ নাগৰিকৰৰ হিতাধিকাৰী বাছনি কৰিছিল। ইতিমধ্যে দিব্যাংগ ব্যক্তি সকলক এনে সহায়ক সঁজুলি বিতৰণ কৰা হৈছে।
আৰু পঢ়ক: অপৰাধ সংঘটিত কৰাৰ ৮ মাহৰ ভিতৰতে শাস্তিমূলক ৰায়দান...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us