নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

সোমবাৰে নিশা নগাঁৱৰ পুৰণিগুদামৰ দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত হয় নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। পুৰণিগুদামৰ আগশাৰীৰ নৃত্য বিদ্যালয় নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত প্ৰথমে বন্তি প্ৰজ্বলন কৰা হয়।

author-image
Asomiya Pratidin
New Update
নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ, চামগুৰিঃ সোমবাৰে নিশা নগাঁৱৰ পুৰণিগুদামৰ দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত হয় নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। পুৰণিগুদামৰ আগশাৰীৰ নৃত্য বিদ্যালয় নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত প্ৰথমে বন্তি প্ৰজ্বলন কৰা হয়।

উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে পুৰণিগুদামৰ বিশিষ্ট ব্যক্তি ক্ৰমে বিপুল মজুমদাৰ, দিলীপ ভূঞা, নিৰ্মল ভূঞা, জগমোহন শৰ্মা আৰু দুলাল শৰ্মা। বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ পাছতেই নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষিকা কংকনা শৰ্মাই আঁত ধৰা অনুষ্ঠানতে ৰুবুল কুমাৰ মহন্তৰ পৰিচালনাৰে নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী সকলে "চোৰ ধৰা" ঝুমুৰা ভাগ মঞ্চস্থ কৰে। ছাত্ৰ-ছাত্ৰী সকলে "চোৰ ধৰা" ঝুমুৰা ভাগত কৰা অভিনয়ে দৰ্শকক আপ্লুত কৰে।

Also Read: ৩০ মিনিটত ৩৩,৩১৫ চাকি জ্বলাই গঢ়িলে বিশ্ব ৰেকৰ্ড

establish day nataraj dance centre