/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/94591eb4-a780-4d66-8014-4bca2da92085/NEET_15.jpg)
NEET-UG ৰ প্ৰশ্ন কাকতো হৈছিল নেকি ফাদিল? ৯ শিক্ষাৰ্থীলৈ SIT ৰ চমন জাৰি...
ডিজিটেল ডেস্কঃ এটাৰ পিছত এটাকৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে NEET-UG পৰীক্ষাৰ। এই পৰীক্ষাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ মাজতে তদন্ত অব্যাহত আছে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰো।
উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা NEET-UG ৰ খেলিমেলিৰ বিষয়টোৰ মাজতে বিহাৰত এই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ তদন্ত চলি আছে। এই তদন্তৰ মাজতে মুঠ ৯জন ছাত্ৰক বিশেষ তদন্তকাৰী গোটে অভিভাৱকৰ সৈতে চমন জাৰি কৰিছে।
উল্লেখ্য যে, এন টি এয়ে এইবাৰ প্ৰশ্ন কাকত ফাদিল হোৱা নাই বুলি উল্লেখ কৰিছে যদিও বিহাৰৰ The Economic Offences Unit চমুকৈ EOU য়ে ৫ মে’ত অনুষ্ঠিত হোৱা NEET-UG পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ তদন্ত অব্যাহত ৰাখিছে। এই তন্দৰ মাজতে EOUয়ে কেইবাজনো শিক্ষাৰ্থীলৈ জাননী জাৰি কৰিছে। পাটনা আৰক্ষীৰ ৮ জনীয়া এক বিশেষ তদন্তকাৰী গোটে এমাহ ধৰি এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে।
এই তদন্তৰ সময়তে বিশেষ তদন্তকাৰী গোটে এটা সমাধানকাৰী গেং (Solver Gang) ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা ১৩ গৰাকী শিক্ষাৰ্থীৰ ৰোল কোড লাভ কৰিছে। ইয়াৰ ভিতৰত ৪ জনক তদন্তৰ প্ৰাৰম্ভিক পৰ্যায়ত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।
আনহাতে বাকী ৯ জন ছাত্ৰৰ অতিৰিক্ত তথ্য যেনে প্ৰৱেশ পত্ৰ, মোবাইল নম্বৰ আৰু ঠিকনা আদি তদন্তকাৰী গোটে এন টি এৰ পৰা বিচাৰিছিল আৰু এন টি এয়েও সেইসমূহ যোগান ধৰিছে। এই আটাইকেইজন পৰীক্ষাৰ্থীয়ে বিহাৰৰ ভিন্ন জিলাৰ। তদন্তকাৰী গোটে এইবাৰ এই ৯ জন শিক্ষাৰ্থীলৈ অভিভাৱকৰ সৈতে সোধাপোছাৰ বাবে চমন জাৰি কৰিছে।
এই শিক্ষাৰ্থীসকলে সমাধানকাৰী গোটৰ সৈতে সম্পৰ্কৰক্ষা কৰিছিল নেকি সেই বিষয়ে সোধপোছ কৰাৰ উপৰিও তেওঁলোকক পৰীক্ষাৰ পূৰ্বেই প্ৰশ্নসমূহ দি তেনেকৈয়ে প্ৰস্তুত কৰি তুলিছিল নেকি সেই সন্দৰ্ভতো সোধোপোছ কৰিব।
ইফালে NEET-UG ৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ সন্দৰ্ভত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় দেশজুৰি মুঠ ৪৫০০ টা কেন্দ্ৰৰ ভিতৰত মাত্ৰ ৬ টা কেন্দ্ৰতহে খেলিমেলিৰ খবৰ আহিছিল। অৱশ্যে তেওঁ প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ নস্যাত কৰিছে। কিন্তু যদিহে এই অভিযোগ সত্য প্ৰমাণিত হয় তেন্তে এই কাণ্ডৰে জড়িত কাকো ৰেহাই দিয়া নহ’ব বুলিও কয়।
ইয়াৰোপৰি তেওঁ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি প্ৰতিটো দিশেই সঠিকভাৱে চোৱাচিতা কৰা হ’ব বুলি উল্লেখ কৰি কয় যে, পৰীক্ষাত কোনো ত্ৰুতি হৈছে তেন্তে নেচনেল টেষ্টিং এজেঞ্চি চমুকৈ এন টি এৰো দায়বদ্ধতাও নিৰ্ধাৰণ কৰা হ’ব।
উল্লেখ্য যে, এইবাৰ NEET-UG পৰীক্ষাৰ ফলাফলক প্ৰশ্নৰ বিসংগতি, পৰীক্ষা কেন্দ্ৰৰ বিসংগতী আৰু গ্ৰেছ মাৰ্ককে ধৰি অনেক বিষয়ে বিতৰ্কিত কৰি তুলিছে। উচ্চতম ন্যায়ালয়ত গ্ৰেছ মাৰ্কৰ প্ৰসংগত শুনানি চলি আছে।
ইতিম্যে এন টি এয়ে গ্ৰেছ মাৰ্ক দিয়াটো ভুল আছিল বুলি স্বীকাৰ কৰি এই শিক্ষাৰ্থীসকলৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিছে। ২৩ মে'ত অনুষ্ঠিত হ'ব এই পৰীক্ষা। কিন্তু দ্বিতীয়বাৰৰ বাবে পৰীক্ষা দিয়াৰ সুযোগ লাভ কৰা এইসকলে যদি পূৰ্বৰ তুলনাত অধিক নম্বৰ লাভ কৰে তেন্তে বাকীসকলৰ ৰেংকিঙত প্ৰভাৱ পৰাৰো সম্ভাৱনা আছে।
এনে পৰিস্থিতিৰ সৃষ্টি হ'লে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া এতিয়াও নিশ্চিত নহয়। ইফালে ৭২০ নম্বৰৰ ভিতৰত কেনেকৈ ৬৭ জনেই ৭২০ নম্বৰ লাভ কৰিলে সেয়াও এক ৰহস্যই হৈ আছে।
Also Read: IIT খড়গপুৰত কোনে গুলীয়াইছিল তিনিচুকীয়াৰ ফাইজানক ! ফৰেনছিক প্ৰতিবেদনত বিস্ফোৰক তথ্য...