/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/f2ae44d6-f62d-4f99-a7b6-1ddad875db73/3.jpg)
ডিডিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুুৰ জিলাৰ বালিপৰাৰ সাহিত্যিক ছত্ৰমান চুব্বাই সাহিত্য অকাডেমীৰ অনুবাদ পুৰস্কাৰ - ২০২৩ লাভ কৰাত আজি তেখেতক বিভিন্ন দল- সংগঠনে সম্বৰ্ধনা জনায় । চু্ব্বাক ক্ৰমে বালিপৰা শাখা সাহিত্য সভা , খনামুখ শাখা সাহিত্য সভা, জ্যেষ্ঠ নাগৰিক সন্থা, অসম নেপালী সাহিত্য সভা, আগছুৰ বিষয়ববীয়াসকলে গামোছা, গ্ৰন্থৰ টোপোলাৰে বিশেষ সম্বৰ্ধনা জনায় ।
উল্লেখ্য যে, অসমৰ বিশিষ্ট সাহিত্যিক লেখক গল্পকাৰ ড° লক্ষ্মীনন্দন বৰাৰ কায়কল্প গ্ৰন্থৰ নেপালী অনুবাদৰ বাবে চুব্বাই এই বঁটা লাভ কৰিছে। সাহিত্যিক ছত্ৰমান চু্ব্বা বালিপৰাৰ খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক, স্বাধীনতা সংগ্ৰামী প্ৰসাদ সিং চু্ব্বা স্মৃতি অকাদেমীৰ অধ্যক্ষ, সমন্বয় সাহিত্য গোষ্ঠী অসমৰ সভাপতি লগতে বিভিন্ন দল-সংগঠনৰ লগত জড়িত । বিগত ৩৫ বছৰ ধৰি সাহিত্য কৰ্মৰ লগত জড়িত হৈ থকা চুব্বাই অসম সাহিত্য সভাৰ আজীৱন সদস্য হোৱাৰ লগতে অসম নেপালী সাহিত্য সভাৰো আজীৱন সদস্য ।
Also Read: পিতৃয়ে অপহৰণ কৰিলে ৭ বছৰীয়া পুত্ৰক