পিতৃয়ে অপহৰণ কৰিলে ৭ বছৰীয়া পুত্ৰক

পিতৃয়ে অপহৰণ কৰিলে ৭ বছৰীয়া পুত্ৰক

author-image
Asomiya Pratidin
New Update
পিতৃয়ে অপহৰণ কৰিলে ৭ বছৰীয়া পুত্ৰক

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চাল্যকৰ শিশু অপহৰণ কাণ্ড । ৭ বছৰীয়া পুত্ৰ শিশুক অপহৰণ কৰি মাতৃক মুক্তিপণ হিচাপে ডেৰ লাখ টকা দাবী কৰে দুৰ্বৃত্তই।

Advertisment

উল্লেখ্য যে, অভিযোগ অনুসৰি নুনমাটিৰ নিজৰাপাৰ বাসিন্দা ছফিয়া খাতুনৰ পুত্ৰ ছফিকুল ইছলামক সতীয়া পিতৃ চৰিফুদ্দিন আহমেদে অপহৰণ কৰি নিয়ে। মাতৃ ছফিয়া খাতুন কামলৈ যোৱাৰ সুযোগ লৈ সতীয়া পিতৃয়ে ৭ বছৰীয়া সতীয়া পুত্ৰ ছফিকুল ইছলামক অপহৰণ কৰি নিয়ে। সতীয়া পিতৃ চৰিফুদ্দিন আহমেদে পুত্ৰ ছফিকুল ইছলামক বুধবাৰে সন্ধিয়া ছয় বজাত অপহৰণ কৰা বুলি মাতৃক ফোন কৰি অৱগত কৰে আৰু পুত্ৰ শিশুৰ মুক্তিপণ হিচাপে ডেৰ লাখ টকা দাবী কৰে।

অন্যথা শিশুটিক হত্যা কৰা হব বুলি সতীয়া পিতৃ চৰিফুদ্দিন আহমেদে মাতৃক ভাবুকি দিয়ে। ঘটনা সন্দৰ্ভত ভুক্তভোগী মাতৃযে নুনমাটি থানাত আজাহাৰ দাখিল কৰে । ঘটনাটো গুৰুত্ব সহকাৰে লৈ নুনমাটি আৰক্ষীয়ে অপহৰণকাৰীৰ মোবাইল ফোন ট্ৰেক কৰি চাংচাৰি অভিমুখে ৰাওনা হৈছে।

Also Read: পাঁচ দিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ভাৰতলৈ আহিব ভূটানৰ প্ৰধানমন্ত্ৰী

kidnapping guwahati