প্ৰতীকি ফটো
অসম
শদিয়াৰ অমৰপুৰ দিবাং নদীঘাটত অঘটন: নদীত ডুব গৈছে এখন যন্ত্ৰচালিত নাও...
ডিজিটেল ডেস্ক : উজনি অসমৰ শদিয়াৰ অমৰপুৰ দিবাং নদীঘাটত অঘটন। নদীঘাটোত সংঘটিত হৈছে নাও দুৰ্ঘটনা। এটা পাৰৰ পৰা আনটো পাৰ লৈ গৈ থকা অৱস্থাত নদীত ডুব গ’ল এখন যন্ত্রচালিত নাও। নাওখনত আছিল প্রায় ৩০ জন যাত্রী।
নাওখন ডুব যোৱাৰ ফলত উটি যায় দুখন চাৰিচকীয়া বাহন। এই দুৰ্ঘটনাৰ ফলত এতিয়া যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু SDRF বাহিলীৰ দল ।