হাটশিঙিমাৰীত জমিয়ত উলামাৰ সদ্ভাৱনা সংসদৰ সভা… সকলো ধৰ্মাৱলম্বী লোকৰ মাজত মিলাপ্ৰীতি অক্ষুন্ন ৰখাৰ আহ্বান

হাটশিঙিমাৰীত জমিয়ত উলামাৰ সদ্ভাৱনা সংসদৰ সভা… সকলো ধৰ্মাৱলম্বী লোকৰ মাজত মিলাপ্ৰীতি অক্ষুন্ন ৰখাৰ আহ্বান

author-image
asomiyapratidin
New Update
হাটশিঙিমাৰীত জমিয়ত উলামাৰ সদ্ভাৱনা সংসদৰ সভা… সকলো ধৰ্মাৱলম্বী লোকৰ মাজত মিলাপ্ৰীতি অক্ষুন্ন ৰখাৰ আহ্বান

ডিজিটেল সংবাদ, মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী প্ৰেক্ষাগৃহত আজি সৰ্ব ভাৰতীয় জমিয়ত উলামা-ই-হিন্দৰ আহ্বানত আৰু মানকাচৰ হাটশিঙিমাৰী জিলা জমিয়ত উলামাৰ উদ্যোগত সদ্ভাৱনা সংসদৰ সভা অনুষ্ঠিত কৰা হয়।

Advertisment

উল্লেখযোগ্য যে মানকাচৰ হাটশিঙিমাৰী জিলা জমিয়ত উলামাৰ সভাপতি মৌলানা আব্দুল হান্নান কাছিমীৰ সভাপতিত্বত অনুষ্ঠিত সভাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোনোৱাল, মৌলানা আব্দুল জুব্বাৰ, হাটশিঙিমাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আলহাজ বখতিয়াৰ খিলজী, মানকাচৰৰ বিশিষ্ট সমাজ সেৱক সমৰ পাল, কালাপানীৰ সমাজসেৱক মনোজ কুমাৰ,হাটশিঙিমাৰীৰ সমাজ সেৱক স্বপন সাহা, জিলাখনৰ বিভিন্ন স্থানৰ ইছলামীক মাদ্ৰাছাৰ পৰা অহা উলামায়ে কেৰামৰ লগতে স্থানীয় সচেতন ব্যাক্তিয়ে সভাখনত অংশ গ্ৰহণ কৰে ।

এই সভাত ভাষন প্ৰদান কৰা প্ৰতি গৰাকী বক্তাই সদ্ভাৱনাৰ জৰিয়তে জিলাখনৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত যি ভাতৃত্ববোধৰ চানেকি সেয়া অক্ষুন্ন ৰাখি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। এনেকি জিলাখনত যাতে কোনো দূষ্ট চক্ৰ আশ্ৰয় লৈ কোনো ধৰণৰ সামাজিক পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি ৰাইজক সতৰ্ক দৃষ্টি ৰাখিবৰ বাবে আৰক্ষী অধীক্ষক জনে আহ্বান জনায়। ইয়াৰোপৰি সমাজত নাৰী নিৰ্যাতন আৰু বাল্য বিবাহ বন্ধ কৰা, মদ-জুৱা, চোৰাং কাৰবাৰ আৰু নিচাজাতীয় সামগ্ৰী বৰ্জন কৰা আদিৰ ওপৰত ৰাইজক সজাগ হবলৈ আহ্বান জনায়।

আৰু পঢ়ক : অসম চাহ নিগমৰ ২,৫০০ কোটিৰ সম্পত্তি গটাব ৩৫ কোটিত…

assam mankachar