কিয় ৰকিবুল হুচেইনৰ ওচৰত থাকিব মন যায় বিধায়ক কুৰ্মীৰ? লগতে দিলে উপদেশ...

কিয় ৰকিবুল হুচেইনৰ ওচৰত থাকিব মন যায় বিধায়ক কুৰ্মীৰ? লগতে দিলে উপদেশ...

author-image
Asomiya Pratidin
New Update
কিয় ৰকিবুল হুচেইনৰ ওচৰত থাকিব মন যায় বিধায়ক কুৰ্মীৰ? লগতে  দিলে উপদেশ...

ডিজিটেল সংবাদ, ওৰাংঃ জুবিনৰ গীত গাই ৰকিবুল হুছেইনক উভতি ধৰিলে মৰিয়নিৰ বিধায়ক ৰুপজ্যোতি কুৰ্মীয়ে ৷ চামগুৰি সমষ্টিত এআই ইউ দি এফে প্ৰাৰ্থীত্ব দিয়া হ'লে আজিৰ পৰা দহ বছৰ আগতে ৰকিবুল হুছেইন পৰাজিত হৈ থাকিলে হেতেন বুলি মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ৷ তেওঁ লগতে কয়, এ আই ইউ দি এফে প্ৰাথিত্ব দিয়া হ'লে গৌৰৱ গগৈও বিধস্ত হ'ল হয় ৷

Advertisment

ৰকিবুল হুছেইনে পাঁচ ৰাজ্যৰ ফলাফলকলৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কুৰ্মীয়ে কয় ৰকিবুল হুছেইনে নিজৰ ভবিষ্যত কেনেদৰে ভাল কৰিব পাৰি এজন ভাল পণ্ডিত, ইমামৰ ওচৰলৈ গৈ পৰামৰ্শ লওক ৷ ইফালে ৰকিবুলৰ স্বাস্থ্য সন্দৰ্ভতো মন্তব্য ৰূপজ্যোতিৰ ।

তেওঁ কয়, ৰকিবুল যথেষ্ট শকত হৈছে , কেনেকৈ ক্ষীনাব পাৰে তাৰে চিন্তা-চৰ্চা কৰক ৷ কেতিয়া পৰি যায় ঠিক নাই ,মোৰ তেখেতৰ ওচৰত থাকিবলৈ মন যায় । আজি মাজবাটত অনুষ্ঠিত বিশাল জন জাগৰণ সভাত অংশ লোৱাৰ আগমূহুৰ্তত এইদৰে মন্তব্য আগবঢ়ায় ৰূপজ্যোতি কুৰ্মীয়ে।

Also Read: ২৫ বছৰত ২৩ বাৰকৈ পৰীক্ষা দি গণিতত স্নাতকোত্তৰ লাভ ৫৬ বছৰীয়া ব্যক্তিৰ

congress rupjyoti kurmi