/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c5917bfd-c298-402f-8a20-56c379b0ee79/AP_FOR_WEB_degree.jpg)
ডিজিটেল ডেস্কঃ চেষ্টাৰ অসাধ্য় একো নাই! এই কথা পুনৰবাৰ প্ৰমাণ কৰি দিলে ৫৬ বছৰীয়া এগৰাকী ব্যক্তিয়ে। মধ্যপ্ৰদেশৰ ৰাজকৰণ বৰুৱা এগৰাকী নিৰাপত্তা ৰক্ষী আৰু ঘৰুৱা সহায়ক হিচাপে কাম কৰে। প্ৰায় ৫০০০ টকা মাহিলী দৰমহা লাভ কৰে তেওঁ।
কিন্তু এইগৰাকীলোকেই এতিয়া বহুতৰ বাবে প্ৰেৰণাৰ প্ৰতীক। জবলপুৰৰ ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে তেওঁ। ইয়াৰ সৈতে তেওঁৰ ওচৰত দুটাকৈ স্নাতকোত্তৰ ডিগ্ৰী আছে।
অৱশ্যে, তেওঁ এই সফলতাৰ বাবে বহু চেষ্টা কৰিবলগীয়া হৈছে। ১৯৯৬ চনত তেওঁ পুৰাতত্ত্বত প্ৰথম স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কিন্তু তেওঁৰ ইচ্ছা আছিল গণিতত স্নাতকোত্তৰ ডিগ্ৰী লোৱাত। যাৰ বাবে তেওঁ গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ বাবে চেষ্টা কৰি গৈছিল। ইয়াৰ বাবে তেওঁক প্ৰয়োজন হৈছিল প্ৰায় ২৫ বছৰ। এই ২৫ বছৰত তেওঁ ২৩ বাৰকৈ পৰীক্ষাত বহিছে।
এই ২৫ বছৰত তেওঁ দিনত ঘৰুৱা সহায়ক আৰু নিশা নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল। তেওঁ কয় যে, বহুবাৰ তেওঁ চেষ্টা চলাইছে। ইয়াৰ বাবে বহু কিতাপৰ সহায় লৈছে।আৰু অৱশেষত ২০২১ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল।
এই লোকজনেই উদাহৰণ, যে শিক্ষা গ্ৰহণ কৰাৰ কোনো বয়স নাথাকে। ইচ্ছা থাকিলে চেষ্টা কৰিলে মানুহে যিকোনো অসাধ্যই সাধিব পাৰে।
Also Read: প্ৰথমে ডকাইতি, পাছত দিন দুপৰতে বৃদ্ধা মহিলাক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা