তাজমহল ধ্বংস কৰি মন্দিৰ নিৰ্মাণ কৰাৰ মন্তব্য কৰি বিপদত ৰূপজ্যোতি কুৰ্মী...

বিপদত ৰূপজ্যোতি কুৰ্মী। লতাশীল আৰক্ষী থানাত গোচৰ দাখিল। সাম্প্ৰদায়িক কথা বতৰাৰে সমাজত বিশৃংখলতা সৃষ্টিৰ লগতে সাম্প্ৰদায়িক অস্থিৰতা সৃষ্টিৰ চেষ্টা আৰু ৰাষ্ট্ৰবিৰোধী কথাৰ অভিযোগেৰে দাখিল কৰা হৈছে এই অভিযোগ।
ৰূপজ্যোতি কুৰ্মী
ৰূপজ্যোতি কুৰ্মী

ডিজিটেল ডেস্কঃ বিপদত ৰূপজ্যোতি কুৰ্মী। লতাশীল আৰক্ষী থানাত গোচৰ দাখিল। সাম্প্ৰদায়িক কথা বতৰাৰে সমাজত বিশৃংখলতা সৃষ্টিৰ লগতে সাম্প্ৰদায়িক অস্থিৰতা সৃষ্টিৰ চেষ্টা আৰু ৰাষ্ট্ৰবিৰোধী কথাৰ অভিযোগেৰে দাখিল কৰা হৈছে এই অভিযোগ।

উল্লেখ্য যে, ৰূপজ্যোতি কুৰ্মীয়ে পাঠ্যপুথিৰ পৰা মোগলৰ অধ্যায় বাদ দিয়া বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ ঐতিহাসিক কীৰ্তিচিহ্ন তথা বিশ্বৰ সপ্তম আশ্চৰ্য তাজমহল ধ্বংস কৰি সেই স্থানত মন্দিৰ নিৰ্মাণ দাবী উত্থাপন কৰিছিল।

ইয়াৰ বাবে তেওঁ নিজৰ এটা বছৰৰ দৰমহাও আগবঢ়াব বুলি মন্তব্য কৰিছিল। বিধায়ক কুৰ্মীৰ সেই মন্তব্যৰ আধাৰতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তাইজুদ্দিন আহমেহে লতাশীল আৰক্ষী থানাত গোচৰ দাখিল কৰিছে।

তাইজুদ্দিন আহমেদে ৪ এপ্ৰিল, ২০২৩ ত ৰূপজ্যোতি কুৰ্মীয়ে তাজমহল ধ্বংস কৰি সেই স্থানত মন্দিৰ নিৰ্মাণৰ কৰিবলৈ কোৱা কথাক দুৰ্ভাগ্যজনক আখ্যা দিছে। ১৯৮৩ চনত তাজমহলে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ কথা উল্লেখ কৰি ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য অতি সাম্প্ৰদায়িক আৰু ৰাষ্ট্ৰবিৰোধী আখ্যা দিছে। তেওঁৰ মন্তব্যই সামাজিক বিশৃংখলতা সৃষ্টিৰ লগতে সাম্প্ৰদায়িত ঐক্যত ব্যাঘাত জন্মাব বুলি অভিযোগ উত্থাপন কৰি এই গোচৰ দাখিল কৰিছে।

ৰূপজ্যোতি কুৰ্মী
ব্যস্ত কৰ্তৃপক্ষঃ IPLৰ খেলুৱৈৰ চকুত নপৰিবলৈ লেতেৰা ভৰলুক দিলে ঢাকি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in