/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c0752120-e8d9-45d6-bd21-8b4017a0d14e/IPL.jpg)
ভৰলু নৈ
ডিজিটেল ডেস্কঃ পোন প্ৰথমবাৰৰ বাবে বুধবাৰৰ পৰা অসমত অনুষ্ঠিত হ’ব আইপিএল ৷ আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ’ব হাইভল্টেজ মেচ ৷ অসম ক্ৰিকেট সংস্থাই ৫ এপ্ৰিল আৰু ৮ এপ্ৰিলত দুখনকৈ আইপিএলৰ মেচ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিছে ৷ মোবাইলত আইপিএল চোৱাৰ পৰিৱৰ্তে স্বচক্ষে মেচ উপভোগ কৰিবলৈ পাব ৰাজ্যৰ ক্ৰিয়াপ্ৰেমীয়ে ৷
ক্ৰিকেটাৰসকলক আদৰণি জনাবলৈ খেলপথাৰ, প্ৰশাসন ৰাইজ সকলো সাজু ৷ যেন কৰ্তৃপক্ষই কোনোধৰণৰ ক্ৰুটি নেৰাখিব খেলুৱৈসকলক আদৰণি জনোৱাত ৷ মহানগৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ ক্ষেত্ৰতো কৰ্তৃপক্ষই কৰা নাই কোনোধৰণৰ কৃপনালি ৷ লেতেৰা ভৰলু নৈক খেলুৱৈসকলৰ দৃষ্টিত নপৰিবৰ বাবে ঢাকি দিয়া হৈছে টিৰপালেৰে
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e95702e0-655c-449b-8d8f-deef672735e5/d5ad47c1_c70e_425d_8e69_2721f22a92e6.jpg)
উল্লেখ্য যে এই ভৰলু নদী বছৰ বছৰ ধৰি লেতেৰা হৈ আছে ৷ দীৰ্ঘদিনে ভৰলুৰ নৈক মহানগৰবাসীয়ে দেখি আহিছে এখন ক’লা নদী হিচাপেই প্ৰত্যক্ষ কৰিছে ৷ সময়ে সময়ে এই নদীৰ পৰিষ্কাৰ কৰা হয় যদিও এই লৈ স্থায়ী সমাধান লাভ কৰা নাই কোনোদিনে মহানগৰবাসীয়ে ৷ এতিয়া খেলুৱৈসকলৰ আগমনে এইদৰে ঢাকি লুকুৱাই ৰাখিবলৈ কৰা কৰ্তৃপক্ষৰ কাৰ্য দেখি হতবাক হৈ পৰিছে মহানগৰবাসী ৷
Also Read: ভাল খবৰ, ৰাজ্যৰ ১ লাখ নিবনুৱাক ২ লাখকৈ চৰকাৰে দিব আৰ্থিক সাহাৰ্য...