/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/abd44409-4a86-42e3-a385-34038c47350a/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, মাজবাটঃ 'কংগ্ৰেছে বাগান যাত্ৰা কৰক, গাঁও যাত্ৰা কৰক, ভৈয়াম বা পাহাৰ যাত্ৰা কৰক একো লাভ নহব! খিলঞ্জীয়া অসমীয়া তথা ভাৰতীয় মূলৰ লোকে ইতিমধ্যে কংগ্ৰেছক চাফা কৰি দিলে। কেৱল সন্দেহযুক্ত লোকসকলহে আছে কংগ্ৰেছৰ লগত।'- এই মন্তব্য মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।
বুধবাৰে মাজবাটত বিজেপিৰ দলীয় সভাত উপস্থিত হৈ এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে বিজেপিৰ বহুবল্কি বিধায়ক ৰূপজ্যোতি কুৰ্মী। বিগত ৭০ বছৰে কংগ্ৰেছে কেৱল সূতা কম্বলৰ ৰাজনীতিহে কৰিলে বুলিও তেওঁ কংগ্ৰেছক কটাক্ষ কৰে। চাহবাগানৰ মজুৰি বৃদ্ধি, স্কুল কলেজ খোলাৰ কথা কংগ্ৰেছে চিন্তা কৰা নাই বুলি কৈ ৰূপজ্যোতি কুৰ্মীয়ে আদিবাসী লোকৰ একমাত্ৰ জাতীয় উৎসৱ কৰম পূজাৰ বন্ধও কোনো চিন্তা কৰা নাছিল কয়।
সমান্তৰালভাবে এই সমস্যাখিনি বা কামখিনি ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে বুলিকৈ দলৰ গুণ গাই পঞ্চমুখী হৈ পৰে। গতিকে কংগ্ৰেছে বাগান যাত্ৰাই কৰক, গাওঁ যাত্ৰাই কৰক, ভৈয়াম বা পাহাৰ যাত্ৰাই কৰক একো লাভ নহ'ব, এতিয়া আৰু সেই দিন নাই বুলি কংগ্ৰেছক কটাক্ষ বিধায়কগৰাকীৰ।
তদুপৰি কংগ্ৰেছৰ সূতা কম্বলৰ ৰাজনীতিত কোনেও ভুল নাযায়। কলিয়াবৰৰ পৰা শদিয়া লৈকে কংগ্ৰেছৰ মাত্ৰ দুজন বিধায়ক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ নলবাৰীৰ পৰা মাজবাটলৈ মাত্ৰ এজন বিধায়ক তাকো সন্দেহযুক্ত লোকৰ সমৰ্থিত বিধায়ক বুলি কৈ কংগ্ৰেছক সমালোচনা কৰে বিধায়কগৰকীয়ে।
Also Read: ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে আছুৰ প্ৰতিবাদ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us