/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1a446629-0dbe-4ef9-83ad-18f8d0a9585d/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বোকাখাট মহকুমা ছাত্ৰ সন্থাৰ( আছু)উদ্যোগত প্ৰতিবাদ। প্ৰতিবাদত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীয়ে। ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে ৰাষ্ট্ৰীয় ঘাইপথ ।
মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি ফৰলেনযুক্ত ঘাইপথৰ লেহেমীয়া গতিৰ কামৰ বাবে সাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিছে বুলি উল্লেখ কৰে আছুৰ সদস্যসকলে। যাৰ বাবে ঘাই পথলৈ ওলাই আহি ধৰ্ণা, শ্লগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ বাধ্য হোৱা বুলি দাবী কৰে প্ৰতিবাদকাৰীয়ে। উল্লেখ্য যে, ছাত্ৰ সন্থাক সহযোগ কৰে স্থানীয় ৰাইজে। উক্ত পথচোৱা শীঘ্ৰেই মেৰামতিৰ কৰাৰ দাবী প্ৰতিবাদকাৰীৰ।
Also Read: পৰ্যটন বিভাগৰ অতিথিশালাৰ অবিবেচকী কাণ্ড