ৰূপহীহাটত গ্ৰেণেড, পিষ্টল আৰু গুলিসহ গ্ৰেপ্তাৰ এজন...

: ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাছখাইটীৰ পৰা মঙলবাৰে নিশা আৰক্ষীয়ে দুটাকৈ গ্ৰেণেড আৰু এটা পিষ্টল উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ৰূপহীহাটত গ্ৰেণেড, পিষ্টল আৰু গুলিসহ  গ্ৰেপ্তাৰ এজন...

ডিজিটেল সংবাদ,ৰূপহীহাট: ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাছখাইটীৰ পৰা মঙলবাৰে নিশা আৰক্ষীয়ে দুটাকৈ গ্ৰেণেড আৰু এটা পিষ্টল উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷নগাঁও আৰক্ষীয়ে যোৱা নিশা এক গোপন সূত্ৰৰ পম খেদি ৰূপহীহাটৰ কাছখাইটিত এটা অভিয়ান চলাইছিল ৷

আৰক্ষীৰ অভিয়ানত উদ্ধাৰ কৰিছে দুটাকৈ গ্ৰণেড,এটা ৭·৬৫ মেগজিনসহ পিষ্টল,দুইজাই সক্ৰীয় গুলি আৰু এখন খুকুৰি । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আজিজুৰ ৰহমানক৷ আজিজুৰ ৰহমান দীৰ্ঘদিন ধৰি বিভিন্ন অপৰাধৰ লগত জড়িত থকাৰো অভিযোগ আছে ৷ধৃত আজিজুৰ ৰহমানক অধিক তথ্যৰভাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

ৰূপহীহাটত গ্ৰেণেড, পিষ্টল আৰু গুলিসহ  গ্ৰেপ্তাৰ এজন...
ৰহা টোল গেটত ৰচিদ বিচৰাত দৌৰাই দৌৰাই মাৰধৰ তিনি যাত্ৰীক, চিকিৎসাধীন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in