ৰহা টোল গেটত ৰচিদ বিচৰাত দৌৰাই দৌৰাই মাৰধৰ তিনি যাত্ৰীক, চিকিৎসাধীন

ৰাজপথ কিমান সুৰক্ষিত সৰ্বসাধাৰন লোকৰ বাবে ? যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ নাম লৈ স্থাপন কৰা টোল গেইট সমূহ এতিয়া হৈ পৰিছে সাধাৰণ লোকৰ বাবে আতংকৰ কাৰণ ৷
 ৰহা টোল গেটত ৰচিদ বিচৰাত দৌৰাই দৌৰাই মাৰধৰ তিনি যাত্ৰীক, চিকিৎসাধীন

ডিজিটেল সংবাদ,নগাঁও : ৰাজপথ কিমান সুৰক্ষিত সৰ্বসাধাৰন লোকৰ বাবে ? যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ নাম লৈ স্থাপন কৰা টোল গেট সমূহ এতিয়া হৈ পৰিছে সাধাৰণ লোকৰ বাবে আতংকৰ কাৰণ ৷ নগাঁও জিলাৰ ৰহা আৰু ডবকাত থকা দুয়োখনকৈ টোল গেটৰে সাধাৰণ লোক আহিবলৈ ভয় কৰা হৈছে ৷ টোল গেটত নিয়োজিত কৰ্মচাৰীয়ে সাধাৰন লোকক শাৰিৰীক ভাবে আক্ৰমন কৰি ৰক্তাক্ত কৰি অহাৰ ঘটনা সুলভ হৈ পৰিছে ৷

বুধবাৰে ৰহা টোল গেটত দৌৰাই দৌৰাই প্ৰহাৰ কৰা হ’ল তিনিজনকৈ লোকক ৷ টোল টেক্স আদায় দিয়াৰ বিনিময়ত ৰচিদ বিচৰাৰ বাবে তিনিজনককৈ লোকক ঘূচিয়াই তেজ বাহিৰ কৰে ৷ ২২০ টকাৰ টোল টেক্সৰ বিপৰিতে কৰ্তব্যৰত কৰ্মচাৰীয়ে ৰিচিপ দিবলৈ অস্বীকাৰ কৰি যাত্ৰীক শাৰিৰীক ভাবে এনেদৰে প্ৰহাৰ কৰে যে প্ৰানৰ ভয়ত তিনি লোকে গাড়ী এৰি পলায়ন কৰিব লগা হয় ৷

জানিব পৰা মতে টোল গেটৰ কৰ্মচাৰীৰ আক্ৰমনত আহত হোৱা ব্যক্তি কেইজনৰ নাম হৈছে মৌলানা ফাৰুক আহমেদ , মোস্তাফা আহমেদ , ৰায়হান আহমেদ ৷ আটাইৰে ঘৰ নগাঁও জিলাৰ নীলবাগাৰ মোবাৰকবস্তিত ৷ নতুন গাড়ী লৈ গুৱাহাটীৰ পৰা নীলবাগানলৈ নিশা আহি থকা অৱস্থাত উক্ত ঘটনা সংঘটিত হয় ৷ তিনিও জন লোক বৰ্তমান চিকিৎসাধীন ৷

 ৰহা টোল গেটত ৰচিদ বিচৰাত দৌৰাই দৌৰাই মাৰধৰ তিনি যাত্ৰীক, চিকিৎসাধীন
''আজি মোৰ গান গাবলৈ মন নাই'' মঞ্চৰ পৰা নামি গ'ল সুৰাৰ ৰাগীত মাতাল জুবিন গাৰ্গ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in